নম্ৰতা বৰাৰ মৃত্যুতো সাঙোৰ সিদ্ধাৰ্থ শৰ্মাৰ নাম! পিতৃৰ বিস্ফোৰক অভিযোগ । Namrata Borah Death Case:

নম্ৰতা বৰাৰ মৃত্যুতো সাঙোৰ সিদ্ধাৰ্থ শৰ্মাৰ নাম! পিতৃৰ বিস্ফোৰক অভিযোগ । Namrata Borah Death Case:

Namrata Borah Death Case: নম্ৰতা বৰাৰ মৃত্যুতো সাঙোৰ সিদ্ধাৰ্থ শৰ্মাৰ নাম! পিতৃৰ বিস্ফোৰক অভিযোগ

জুবিন গাৰ্গৰ মৃত্যুৰ ১৩ দিনৰ পাছত CIDৰ SITএ গ্ৰেপ্তাৰ কৰা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নাম এতিয়া আন এটা ৰহস্যজনক মৃত্যুতো সাঙোৰ খাইছে। এইবাৰ পোহৰলৈ আহিছে আইনজীৱী নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাত সিদ্ধাৰ্থৰ সম্পৃক্ততাৰ অভিযোগ।

নম্ৰতাৰ দুৰ্ভগীয়া পিতৃয়ে বিস্ফোৰকভাৱে দাবী কৰিছে—তেওঁৰ কন্যা নম্ৰতাৰ মৃত্যুত অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিছিল ঠিক সেই সিদ্ধাৰ্থ শৰ্মাই। পিতৃৰ অভিযোগ অনুসৰি, মেঘালয়ৰ নংপো থানাত ঘটনাটো গোপন কৰি ৰখাৰ প্ৰয়াস কৰিছিল সিদ্ধাৰ্থই।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ৪ জুন তাৰিখে মেঘালয়ৰ নংপোত এক ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুমুখত পৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কনিষ্ঠ অধিবক্তা নম্ৰতা বৰা। ঘটনাৰ সময়ত মৃগাংক বৰুৱা আৰু আন্নায়াতুল ৱাদুদ নামৰ দুগৰাকী যুৱতীৰ নামো সাঙোৰ খাইছিল।

নম্ৰতাৰ পিতৃৰ ভাষ্যত প্ৰকাশ পায়—মৃগাংক বৰুৱাৰ ঘনিষ্ঠ বন্ধু আছিল সিদ্ধাৰ্থ শৰ্মা। নম্ৰতাৰ মৃত্যুৰ পিছত নংপোৰ পৰা মৃতদেহ গুৱাহাটীৰে আনিবলৈ এম্বুলেন্সৰ ব্যৱস্থাও কৰে সিদ্ধাৰ্থই। সেই সময়ত তেওঁ নিজৰ নাম সঠিকভাবে প্ৰকাশ নকৰিলো।

পৰৱৰ্তী সময়ত, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত সিদ্ধাৰ্থ শৰ্মাৰ ফটো দেখা পোৱাৰ পাছতে, পিতৃয়ে চমকিতভাৱে চিনে পায় যে, এই ব্যক্তি সেইদিনৰ “সহায়কৰ”েই নামত এম্বুলেন্সৰ ব্যৱস্থা কৰিছিল—অর্থাৎ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই।

এই নতুন তথ্যই দুয়োটা ৰহস্যজনক মৃত্যুক লৈ নতুন সন্দেহৰ সৃষ্টি কৰিছে। CIDৰ তদন্তত এতিয়া নম্ৰতা বৰাৰ মৃত্যুৰ দিশো নতুনকৈ পৰ্যালোচনা কৰা হ’ব পাৰে বুলি সূত্ৰৰ তথ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top