Zubeen Garg Death Case । জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত হত্যাৰ ধাৰা সংযোজন

অসমবাসীৰ প্ৰাণৰ শিল্পী মহানায়ক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নতুন মোড়। তদন্তকাৰী সংস্থা CIDয়ে এই গোচৰটোত হত্যাকাণ্ডৰ ধাৰা সংযোজন কৰিছে। পূৰ্বে গোচৰটোত BNSৰ ৬১(২), ১০৫ আৰু ১০৬(১) ধাৰা সংযোজন কৰা হৈছিল।

নতুনকৈ BNSৰ ১০৩ ধাৰা সংযোজন কৰাৰ ফলত ঘটনাটো অধিক গুরুতৰ ৰূপ লৈছে। BNS ১০৩ ধাৰা অনুসৰি যদি আদালতত অভিযোগ প্ৰমাণিত হয়, তেন্তে দোষীক ফাঁচি অথবা আজীৱন কাৰাবাসৰ শাস্তি ভোগ কৰিব লগা হ’ব।

উল্লেখযোগ্য যে, এই গোচৰটো ১৮/২৫ নম্বৰ হিচাপে ৰুজু কৰা হৈছে। CIDৰ এই নতুন পদক্ষেপৰ ফলত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত এক নতুন দিশ উন্মোচিত হোৱাৰ আশা কৰা হৈছে।

👉 মূল বিষয়:
- CIDয়ে সংযোজন কৰিলে হত্যাৰ ধাৰা (BNS 103)
- পূৰ্বৰ ধাৰা: ৬১(২), ১০৫, ১০৬(১)
- প্ৰমাণিত হ’লে দোষীৰ শাস্তি: ফাঁচি অথবা আজীৱন কাৰাবাস

