যৌতুক দাবীৰ ঘটনা, পীড়িত বোৱাৰীৰ ন্যায় বিচাৰৰ আকুল আবেদন । Dowry

যৌতুক দাবীৰ ঘটনা, পীড়িত বোৱাৰীৰ ন্যায় বিচাৰৰ আকুল আবেদন । Dowry

Dowry । ৰাজ্যত পুণৰ সংঘটিত হৈছে যৌতুক দাবীৰ ঘটনা। ন্যায় বিচাৰি নিশা ৰঙিয়া থানাত এগৰাকী বোৱাৰী ।

৪বছৰ পূৰ্বে সামাজিক ভাৱে বিবাহপাশত আবদ্ধ হৈছিল ৰঙিয়াৰ এইগৰকাকী বোৱাৰী।

বাক্সা জিলাৰ বাঙালীপাৰাৰ আমিনুল ইছলাম হাজৰিকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰঙিয়াৰ নুবলুন মাৰিফা নামৰ বোৱাৰীগৰাকী।

বিবাহৰ পিছত দুটা বছৰ শান্তিৰে চলিছিল তেওঁলোকৰ সংসাৰ ।

লাহে লাহে স্বামীয়ে যৌতুক দাবী কৰিবলৈ আৰম্ভ কৰে।

পত্নীয়ে যৌতুক বিচৰা ধন ,সোণ দিব নোৱাৰাত বিভিন্ন ধৰণে অত্যাচাৰ চলাই স্বামী আমিনুল ইছলামে।

পত্নীয়ে অস্বীকাৰ কৰাৰ পিছত আমিনুল ইছলামে প্ৰতিদিনে মাৰ পিট কৰি আহিছিল পত্নী নুবলুন মাৰিফাক।

যোৱানিশা স্বামীয়ে চোকা অস্ত্ৰৰে হত্যা কৰিবলৈ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ তুলি ৰঙিয়া থানাত উপস্থিত হয় বোৱাৰীগৰাকী।

অকল পত্নীক অত্যাচাৰ কৰাই নহয় ২বছৰীয়া কন্য সন্তানটিক ডাইটি শব্দ ব্যৱহাৰ কৰিবলৈ শিকাই শিক্ষক ৰূপী অমিনুল ইছলাম হাজৰিকাই।

এই ক্ষেত্ৰত ৰঙিয়া আৰক্ষীক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ অনুৰোধ কৰে পত্নীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top