Nupur Bora । ACS গুৱাহাটী মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ACS বিষয়া নুপুৰ বৰাৰ ঘৰত চি এম ভিজিলেন্সে চলোৱা অভিযানত। সোমবাৰে পুৱা গোটানগৰৰ ছাইন শান্তি গ্ৰীনো এপাৰ্টমেন্টৰ পঞ্চম মহলাৰ 5A ফ্লেটত অভিযান চলাই ভিজিলেন্সে উদ্ধাৰ কৰিছে প্ৰায় ১ কোটি টকা নগদ, বহুলঙা সোণ-হীৰাৰ আ-অলংকাৰ আৰু অন্য বহু মূল্যৱান সামগ্ৰী।

ভিজিলেন্সৰ অধীক্ষক ৰজি কলিতাই জনোৱা অনুসৰি, একেই গোচৰ সন্দৰ্ভত গুৱাহাটী আৰু বৰপেটাত একেলগে চলিছিল অভিযান। বৰ্তমানলৈকে দুয়ো স্থানৰ পৰা মুঠ ৯২ লাখ ৫০ হাজাৰ ৪০০ টকা উদ্ধাৰ হৈছে। কেৱল বৰপেটাৰ পৰা উদ্ধাৰ কৰা হৈছে ১০ লাখ ৬৩ হাজাৰ টকা। মুঠ ৪টাকৈ স্থানত চলিছিল এই অভিযান।

নুপুৰ বৰা ২০১৯ চনত ACS হিচাপে বৰপেটাত যোগদান কৰিছিল। তাৰ পাছত কাৰ্বি আংলঙত সহকাৰী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰে। অভিযোগ উঠিছে যে, বৰপেটাত যোগদান কৰাৰ পাছতেই ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ যোগেদি নুপুৰ বৰাই আয় বহিৰ্ভূতভাৱে গঢ়ি তুলিছিল বিপুল সম্পত্তি। কাৰ্বি আংলঙতো তেনে অনিয়মৰ পৰিধি বিস্তৃত কৰিছিল বুলি অভিযোগ।

প্ৰায় ১ মাহ পূৰ্বে নুপুৰ বৰাৰ বদলি গুৱাহাটীলৈ হোৱা পাছতো তেওঁ বৰপেটাৰ ভাড়াঘৰ এৰি নাছিল। তাৰ ফলত সেই স্থানতো অভিযান চলাইছে ভিজিলেন্সে। দীৰ্ঘদিনীয়া তদন্তৰ অন্তত শেষত ১৫ ছেপ্টেম্বৰত নুপুৰ বৰাক আটক কৰে চি এম ভিজিলেন্সৰ দলে।
ভিজিলেন্সে ইতিমধ্যে ২৫/২০২৫ নম্বৰত গোচৰ ৰুজু কৰি অধিক সোধা-পোছাৰ আৰম্ভ কৰিছে। অতিৰিক্ত তথ্য অহা সময়ত পোহৰলৈ আহিব বুলি অনুমান কৰা হৈছে।
