২০১৯ বৰ্ষৰ ACS বিষয়া নূপুৰ বৰাৰ ঘৰত টকাৰ পাহাৰ ৷ CM ভিজিলেঞ্চৰ অভিযানত ওলাইছে বাণ্ডিলে বাণ্ডিলে টকা,টকা হিচাপ কৰিবলৈ আনিবলগা হৈছে মেচিন !বৰ্তমানলৈকে উদ্ধাৰ হৈছে ১.৭০ কোটি টকা,সোণৰ আ-অলংকাৰ ।

আয় বৰ্হিভুত সম্পত্তি বিচাৰি অভিযান চলাইছে নূপুৰ বৰাৰ ঘৰত। কাৰ্বি আংলঙৰ সহকাৰী জিলা আয়ুক্ত হৈ থকাৰ সময়ত দুৰ্নীতি কৰাৰ অভিযোগ নূপুৰ বৰাৰ বিৰুদ্ধে৷ বৰপেটাত চক্ৰ বিষয়া হৈ থকাৰ সময়তো মাটি দালালেৰে মিলি ধন ঘটাৰো অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে৷ বৰ্তমান গৰৈমাৰীৰ চক্ৰ বিষয়া হিচাপে কৰ্মৰত নূপুৰ বৰা৷ নূপুৰ বৰাই ফিক্স কৰি ৰাখিছিল ৰেট! কি কামৰ কিমান ৰেট লৈছিল ACS নূপুৰে? KMSSৰ পত্ৰত ফাদিল নূপুৰৰ দুৰ্নীতিৰ দস্তাবেজ দুৰ্নীতিৰ বোকাত লুতুৰি-পুতুৰি হৈছিল ACS নূপুৰ বৰা।

ইতিমধ্যে ACS নূপুৰ বৰাক গ্ৰেপ্তাৰ কৰিছে চি এম ভিজিলেঞ্চে। নূপুৰ বৰাৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ ৰুজু হৈছিল। আজি ACS নূপুৰ বৰা ফ্লেটত ১ কোটি ৭০লাখ টকা জব্দ কৰিছিল চি এম ভিজিলেঞ্চে। ২ কোটি টকা মূল্যৰ আ-অলংকাৰো জব্দ কৰিছিল চি এম ভিজিলেঞ্চে। নূপুৰ বৰাক লৈ চাৰিস্থানত অভিযান চলাইছিল ভিজিলেঞ্চে। ধৃত নূপুৰ বৰা চি এম ভিজিলেঞ্চৰ জিম্মাত। নূপুৰৰ গুৱাহাটীৰ ঘৰৰ পৰা জব্দ হৈছিল ৮২লাখ টকা আনহানে নূপুৰৰ বৰপেটাৰ বাসগৃহৰ পৰা জব্দ হৈছিল ১০লাখ টকা।

২০১৯ চনত চাকৰিত যোগদান কৰি কম সময়ৰ ভিতৰতে অগাধ সম্পত্তিৰ মালিক হৈছিল নূপুৰ বৰা। আনকি কামৰ বাবে নূপুৰ বৰাই ফিক্স কৰি ৰাখিছিল ৰেট! KMSSৰ পত্ৰত ফাদিল হৈছে নূপুৰৰ দুৰ্নীতিৰ দস্তাবেজ। ACS নূপুৰ বৰাৰ বাসগৃহত এইয়া টকাৰ উজান উঠিছে৷ ২০১৯ চনত চাকৰিত যোগদান কৰি নূপুৰ বাইদেউৱে ইমানে সোঁৱে বাওঁৱে সম্পত্তি ঘটিল যে এতিয়া গণি গণি চি এম ভিজিলেন্সৰ বিষয়া।

বাইদেউৰ টকাৰ প্ৰতি কিমান খক সেইয়া টকাৰ বস্তা দেখি হয়টো আপুনি গম পাইছেই।ঘৰত অভিযান চলাই বেছি পোৱা নাই ১ কোটি ৭০ লাখ পাইছে।লগতে সোণৰ গহণাও পাইছে বহু। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৰাজপত্ৰিত বিষয়াগৰাকীৰ বাসগৃহত চলোৱা অভিযানত এই টকাসমূহ জব্দ হৈছে৷

কাৰ্বি আংলঙৰ সহকাৰী জিলা আয়ুক্ত হৈ থকাৰ সময়ত দুৰ্নীতি কৰাৰ অভিযোগ নূপুৰ বৰাৰ বিৰুদ্ধে৷ বৰপেটাত চক্ৰ বিষয়া হৈ থকাৰ সময়তো মাটি দালালেৰে মিলি ধন ঘটাৰো অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে৷ বৰ্তমান গৰৈমাৰীৰ চক্ৰ বিষয়া হিচাপে কৰ্মৰত নূপুৰ বৰা৷ বাতৰিটো লিখি দিয়ক
