Durga Puja । জ্যোতিষী ড° কৰবী বেজবৰুৱাৰ তথ্য অনুসৰি এইবাৰ নৱৰাত্ৰি ২২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব। ২১ ছেপ্তেম্বৰ মহালয়া অৰ্থাৎ অমাৱস্যা, তাৰ পিছদিনা অৰ্থাৎ ২২ ছেপ্তেম্বৰত ঘট স্থাপনৰ সৈতে আৰম্ভ হ’ব নৱৰাত্ৰি পূজা।

🔹 ঘট স্থাপনৰ সময় – পুৱা ৬:০৬ মিনিটৰ পৰা ৮:০৯ মিনিটলৈ।
অভিজিত মূহুৰ্ত: ১১:৪৯ মিনিটৰ পৰা ১২:৩৮ মিনিটলৈ।
পূজাৰ দিনবোৰঃ
- ২২ ছেপ্তেম্বৰ – ঘট স্থাপন আৰু মা শৈলপুত্ৰী পূজা।
- ২৩ ছেপ্তেম্বৰ – মা ব্ৰহ্মচাৰিণী পূজা।
- ২৪ আৰু ২৫ ছেপ্তেম্বৰ – মা চন্দ্ৰঘণ্টা পূজা।
- ২৬ ছেপ্তেম্বৰ – মা কুষ্মাণ্ডা পূজা।
- ২৮ ছেপ্তেম্বৰ – ষষ্ঠী পূজা (মা কাত্যায়নী পূজা)।
- ২৯ ছেপ্তেম্বৰ – সপ্তমী পূজা (মা কালৰাত্ৰি পূজা)।
- ৩০ ছেপ্তেম্বৰ – অষ্টমী পূজা (মহাগৌৰী পূজা)।
- ১ অক্টোবৰ – নৱমী পূজা।
- ২ অক্টোবৰ – বিজয়া দশমী।
👉 বিশেষত্ব হ’ল, এইবাৰ নৱৰাত্ৰি ৯ দিন নহয়, ১০ দিনীয়া পূজা হ’ব। সেইবাবে নৱৰাত্ৰি ব্ৰত পালনকাৰীসকলৰ বাবে এইবাৰ এক দিন বাঢ়ি যাব।
মা দুৰ্গাৰ আগমনৰ মাহাত্ম্যঃ
ধৰ্মীয় মান্যতা অনুসৰি, নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাই বিশেষ বাহনত বহি পৃথিৱীলৈ আহে। এইবাৰ মা দুৰ্গা হাতীত উঠি পৃথিৱালৈ আহিব। হাতী বাহনৰ অৰ্থ হৈছে – বিকাশ, শান্তি আৰু ইতিবাচক পৰিৱৰ্তন। ইয়াৰ ফলত:
- ভাল বৰষুণ হ’ব,
- ফচল সমৃদ্ধ হ’ব,
- কৃষিৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি হ’ব,
- ভক্তসকল কষ্টৰ পৰা মুক্তি লাভ কৰিব।
✨ নৱৰাত্ৰিৰ অন্তিম দিনত মা দুৰ্গাৰ নৱম স্বৰূপৰ পূজা কৰা হয়, যাৰ দ্বাৰা ভক্তসকলে অলৌকিক শক্তি আৰু সকলো ইচ্ছা পূৰণৰ আশীৰ্বাদ লাভ কৰে।
