নলবাৰীৰ মহখলিত লোমহৰ্ষক হ*ত্যা*কা*ণ্ড । Nalbari

নলবাৰীৰ মহখলিত লোমহৰ্ষক হ*ত্যা*কা*ণ্ড । Nalbari

Nalbari । নলবাৰী জিলাৰ মহখলিত সংঘটিত হ’ল এক ডকাইতীৰ লোমহৰ্ষক হত্যাকাণ্ড। তিনিজনীয়া ডকাইতে নিশা প্ৰায় ৯.৩০ বজাৰ সময়ত বেলশৰ থানাৰ অন্তৰ্গত মহখলিৰ অবসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী প্ৰমোদ বৰ্মনৰ বাসগৃহত প্ৰৱেশ কৰি এই ঘটনা সংঘটিত কৰে।

সূত্ৰ মতে, প্ৰমোদ বৰ্মন পত্নীৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ সাজু হৈছিল। ঠিক সেই সময়তেই মুখাঢাকা তিনিজনীয়া ডকাইতে ঘৰত প্ৰৱেশ কৰি দম্পতীক ৰচীৰে বান্ধি ফালে। তাৰ পিছতেই ডকাইতসকলে গৃহস্থৰ হাত-ভৰি বান্ধি গামোচাৰে ডিঙি মেৰিয়াই একাধিকবাৰ ঠেকেচি হত্যা কৰে।

প্ৰায় আধা ঘন্টা ধৰি চলা এই লুটপাটত ঘৰৰ ভিতৰৰ ধন-সম্পত্তি লৈ যায় ডকাইতসকল। ঘটনাৰ সময়ত গৃহস্থ প্ৰমোদ বৰ্মনক পত্নীৰ সন্মুখতে নির্মমভাবে হত্যা কৰা হয়।

স্থানীয় ৰাইজে ঘটনাৰ খবৰ পায়ো লগে লগে আৰক্ষীক জনায়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই নৃশংস হত্যাকাণ্ডে সমগ্ৰ নলবাৰী জিলা আতংকিত হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top