শিৱসাগৰত ৰঙাঘৰত ৬০ৰ উৰ্ধ্বৰ প্ৰেমিক মহেশ গুপ্তা । Shivsagar

শিৱসাগৰত ৰঙাঘৰত ৬০ৰ উৰ্ধ্বৰ প্ৰেমিক মহেশ গুপ্তা । Shivsagar

Shivsagar । facebook । ফেচবুকত আৰম্ভ হোৱা প্ৰেম শেষত বৃদ্ধ মহেশ গুপ্তাক লৈ আহিল শিৱসাগৰলৈ। বানাৰসৰ বাসিন্দা ৬০ৰ উৰ্ধ্বৰ মহেশ গুপ্তা সোশ্যাল মিডিয়াৰ জৰিয়তে এজন যুৱতীৰে চিনাকি হয়। অনলাইন কথোপকথনৰ মাজতে দুয়োৰে বন্ধুত্ব প্ৰেমত পৰিণত হয়।

প্ৰেমৰ টানত মহেশ গুপ্তাই যুৱতীক লগ কৰিবলৈ সুদূৰ বানাৰসৰ পৰা শিৱসাগৰলৈ যাত্ৰা কৰে। যুৱতীৰ সৈতে বিবাহৰ স্বপ্ন লৈ আহিছিল বৃদ্ধজন। কিন্তু বাস্তৱত পৰিস্থিতি পাল্টাই পৰিল।

যুৱতীৰ পৰিয়াল আৰু স্থানীয় ৰাইজে ঘটনাটো জানিবলৈ পোৱাৰ পাছত মহেশ গুপ্তা ৰঙাঘৰৰ “আলহী” হৈ পৰে। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।

ধর্মীয় ভক্তিত মছগুল হৈ থাকিবলৈ কওঁতা মহেশ গুপ্তাই প্ৰেমৰ মোহত পৰি শেষত বিপদত পৰিছে। বৰ্তমান এই ঘটনাই স্থানীয় স্তৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top