Amit Shah । ২৯ আগষ্টত গুৱাহাটীৰ ভ্ৰমণত আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। উক্ত দিনটোত তেওঁ দুটা চৰকাৰী আৰু এটা দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি আজি বশিষ্ঠস্থিত বাজপেয়ী ভৱনত অনুষ্ঠিত এক সংবাদমেলত বিজেপি নেতা পল্লৱ লোচন দাসে জনায়।

👉 মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ সংবাদমাধ্যমক অৱগত কৰাইছিল যে অমিত শ্বাহে প্ৰথমে নতুনকৈ নিৰ্মাণ কৰা ৰাজভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব। তাৰ পিছতে গৃহমন্ত্ৰীগৰাকীয়ে খানাপাৰাত অনুষ্ঠিত এন ডি এৰ পঞ্চায়ত সন্মিলনত যোগদান কৰি পঞ্চায়ত প্ৰতিনিধিসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব।

👉 পল্লৱ লোচন দাসে সংবাদমেলত কয়, এই পঞ্চায়ত সন্মিলনত এন ডি এৰ ২৭৪ গৰাকী জিলা পৰিষদ, ১৩৩০ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ১৫,০৬৭ গৰাকী গাঁও পঞ্চায়তৰ সদস্যই উপস্থিত থাকিব। তেওঁ কয়, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইখনেই হ’ব এন ডি এৰ আটাইতকৈ ডাঙৰ সভা আৰু এই দিনটোতেই এন ডি এয়ে আসন্ন নিৰ্বাচনৰ বাবে ৰণদুন্দুভি বজাব।
👉 উল্লেখযোগ্য যে, অহা ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও অসম ভ্ৰমণত আহিব। তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে এখন ৰাজহুৱা সভাতো যোগদান কৰিব।
