
Assam Cabinet । বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত ভিন্ন ধৰ্মীয় লোকৰ মাজত মাটিৰ ক্ৰয়-বিক্ৰয় সন্দৰ্ভত এক নতুন নিয়ম নিৰ্ধাৰণ কৰা হৈছে। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে এই নিয়মাৱলী।

👉 মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, এতিয়াৰে পৰা ভিন্ন ধৰ্মীয় দুজন লোকৰ মাজত মাটি কেনাবেচাৰ ক্ষেত্ৰত সোজাকৈ চুক্তি কৰিব নোৱাৰি। প্ৰথমে সংশ্লিষ্ট চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন জমা কৰিব লাগিব। চক্ৰ বিষয়াই নথিপত্ৰৰ প্ৰাথমিক পৰীক্ষা কৰি ফাইল পঠিয়াব জিলা আয়ুক্তৰ ওচৰলৈ।
👉 তাৰ পাছত জিলা আয়ুক্তই নথি প্ৰেৰণ কৰিব ৰাজহ বিভাগলৈ, য’ত এগৰাকী নোডেল বিষয়াই পৰীক্ষা সম্পন্ন কৰিব। ইয়াৰ পিছতে ফাইল প্ৰেৰণ কৰা হ’ব অসম আৰক্ষীৰ বিশেষ শাখা (SB)লৈ।

👉 বিশেষ শাখাই মূলতঃ চাৰিখন বিষয় পৰীক্ষা আৰু অনুসন্ধান কৰিবঃ
- মাটিৰ গৰাকী বৈধ হয়নে আৰু নথিপত্ৰত জালিয়াতি আছে নেকি।
- কিনোতাৰ ধনৰ উৎস বৈধ নে নহয়।
- ভূমি কেনাবেচাৰ ফলত এলেকাত সামাজিক প্ৰভাৱ পৰিব নেকি।
- ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি কোনো ভাবুকি সৃষ্টি হ’ব নেকি।
👉 এই সকলো পৰীক্ষা-অনুসন্ধানৰ পিছত বিশেষ শাখাই প্ৰতিবেদন দাখিল কৰিব জিলা আয়ুক্তৰ ওচৰত। অৱশেষত জিলা আয়ুক্তই সকলো পৰিস্থিতি পৰ্যালোচনা কৰি অনুমতি প্ৰদান বা নামঞ্জুৰ কৰাৰ সিদ্ধান্ত ল’ব।
👉 মুখ্যমন্ত্ৰীয়ে জনায়, এই নিয়ম ৰাজ্যৰ বাহিৰৰ NGO-ৰ ক্ষেত্ৰতো একেইভাবে প্ৰযোজ্য হ’ব।
