যোৰহাটত বিধ্বংসী অগ্নিকাণ্ড, বিস্ফোৰিত গেছ চিলিণ্ডাৰে ছানি ধৰিলে অঞ্চল । Jhorhat

যোৰহাটত বিধ্বংসী অগ্নিকাণ্ড, বিস্ফোৰিত গেছ চিলিণ্ডাৰে ছানি ধৰিলে অঞ্চল । Jhorhat

Jhorhat । নিশা যোৰহাটৰ **ৰয়েল ৰ’ড (ফৰ্মুদ আলি পথ)**ত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। স্থানীয়সূত্ৰৰ মতে, তিনিটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতেই জুইয়ে ছানি ধৰিছিল সমগ্ৰ অঞ্চল।

প্ৰথমে গিয়াচুদ্দিন আহমেদ নামৰ ব্যক্তি গৰাকীৰ বাসগৃহত জুইৰ সূত্ৰপাত হয়। পাছত জুইৰ লেলিহান শিখাই অঞ্জলি দাস নামৰ মহিলা গৰাকীৰ ঘৰো সম্পূৰ্ণৰূপে আগুৰি ধৰে। জুইত জ্বলি চাৰখাৰ হৈছে লক্ষাধিক টকাৰ সম্পত্তি।

ঘটনাস্থলীত ইতিমধ্যেই কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে। তথাপিও এই পৰ্যন্ত আতংকময় পৰিস্থিতি বিৰাজমান হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top