Aadhar card । অসম কেবিনেটে আধাৰ কাৰ্ডক লৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ৰাজ্যত ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ বাবে নতুন আধাৰ কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া এবছৰৰ বাবে বন্ধ কৰি দিয়া হ’ব। যদিও এই সিদ্ধান্তত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু চাহ বাগিচাৰ শ্ৰমিকসকলক অন্তৰ্ভুক্ত কৰা নহ’ল।

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কয় যে এতিয়াৰে পৰা অসমত ১৮ বছৰৰ ঊৰ্ধ্বৰ কোনো নৱীন আবেদনকাৰীক আধাৰ কাৰ্ড প্ৰদান কৰা নহ’ব। যিসকলৰ আধাৰ নাই, তেওঁলোকে ছেপ্টেম্বৰ মাহলৈকে আবেদন কৰিব পাৰিব। তাৰ পিছত এই সুবিধা বন্ধ হৈ যাব।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, নিৰাপত্তা আৰু জনগাঁথনিগত ভাৰসাম্যৰ কথা চিন্তা কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। দীর্ঘদিন ধৰি অসম বাংলাদেশৰ পৰা অনুপ্ৰৱেশ সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু বহু সময়ত বহিঃৰাষ্ট্ৰীয় লোকেও পৰিচয় পত্ৰ হিচাপে আধাৰ ব্যৱহাৰ কৰে। সেয়েহে ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকৰ বাবে আবেদন প্ৰক্ৰিয়া বন্ধ কৰি দিলে জালিয়াতি ৰোধ হ’ব বুলি চৰকাৰৰ যুক্তি।
তদুপৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমবাসীৰ অধিকাংশৰেই ইতিমধ্যে আধাৰ কাৰ্ড আছে। এতিয়া কেৱল নিৰ্বাচিত কিছুমান বিশেষ ব্যক্তিৰ ক্ষেত্ৰত উপযুক্ত প্ৰসংগ থাকিলে জিলা আয়ুক্তৰ অনুমোদন সাপেক্ষে আবেদন গ্ৰহণ কৰা হ’ব।
