Deeplina Deka । Actress । অসমবাসীৰ হৃদয় জয় কৰা জনপ্ৰিয় গায়িকা তথা অভিনেত্ৰী দীপলিনা ডেকাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এক ভিডিঅ’য়ে মুহুৰ্ততে চৰ্চাৰ বিষয় হৈ পৰিছে ।

ভিডিঅ’টোত দেখা গৈছে, অধিবক্তাৰ উপস্থিতিত দীপলিনাই পঞ্জীয়ন বহীত স্বাক্ষৰ কৰিছে আৰু তাৰ পাছতেই অভিনেতা পাৰ্থ হাজৰিকাৰ সৈতে মিঠাই খুৱাই আনন্দ উল্লাসত ভাগ লৈছে।

তাৰ পিছত বন্ধুবৰ্গৰ সৈতে ফটোৰ বাবে প’জ দিছে।

‘ভাইমনদা’ ছবিত জুবিন গাৰ্গৰ অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰা পাৰ্থ হাজৰিকাক লগত দীপলিনাৰ এই “ক’ৰ্ট মেৰেজ” সদৃশ ভিডিঅ’য়ে সকলোকে আচৰিত কৰিছে। দীপলিনাক সংবাদ মাধ্যমৰ ফালৰ পৰা সোধাত হাঁহি দি উত্তৰ দিয়ে – “এয়া ছাছপেন্স হৈ থাকক, সময়ত সকলোৱে গম পাব।”
ইতিমধ্যে ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে।

কমেণ্ট বক্সত বহুতে ইংগিত দিছে যে এই দৃশ্য এক গীতৰ প্ৰমোচনহে। যদিও দীপলিনাই এতিয়াও বিষয়টো সম্পূৰ্ণভাৱে এতিয়ালৈ কোনো বিষেশ মন্তব্য কৰা নাই।

