নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ড । Nandita Saikia murder case
ধেমাজি জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে ঢকুৱাখনাৰ নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ঘোষণা কৰিছে।

প্ৰায় ৪ বছৰৰ আইনী যুঁজৰ পাছত অৱশেষত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালে। আদালতৰ কঠোৰ ৰায়ে এই নৃশংস হত্যাকাণ্ডত জড়িত ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ আদেশ দিছে।
নন্দিতা শইকীয়াৰ হত্যাকাণ্ডে তেতিয়া সমগ্ৰ ৰাজ্যক স্তম্ভিত কৰিছিল। পৰিয়ালৰ বাবে এই ৰায় ন্যায়ৰ জয় বুলি গণ্য হৈছে।
২০২১ চনৰ ২৪ আগষ্টত এই ঘটনাৰ সূত্রপাত হয়, যেতিয়া ৰিণ্টু শৰ্মাই ধেমাজিৰ অসম ৰাজ্য পৰিবহন নিগমৰ বাছস্থানৰ কাষত নন্দিতাক দিন দুপৰীয়া ছুৰি তীক্ষ্ণ অস্ত্ৰৰে আক্ৰমণ কৰে। মৰিধল মহাবিদ্যালয়ৰ যুৱতী ছাত্ৰীগৰাকীয়ে গুরুতৰ আঘাত প্ৰাপ্ত কৰি পৰদিনাই অৰ্থাৎ ২০২১ চনৰ ২৫ আগষ্টত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নার্সিং হোমত প্ৰাণ হেৰুৱায়।

আদালতৰ এই ৰায় নন্দিতা আৰু তেওঁৰ পৰিয়ালৰ ন্যায়ৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য হৈছে। প্ৰায় চাৰি বছৰৰ প্ৰতীক্ষাৰ পাছত অবশেষত এই ফলাফল পোৱা গৈছে।
