সুৰক্ষিত নহয় যুৱতী কৰ্মচাৰী । Girl Not Save

সুৰক্ষিত নহয় যুৱতী কৰ্মচাৰী । Girl Not Save

Girl Not Save । ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিত্য দিনেই মহিলা তথা যুৱতীসকলৰ ওপৰত ঘটি থকা লজ্জাজনক ঘটনাই সমাজক চিন্তিত কৰি তোলাৰ মাজতে যোৰহাটতো তেনে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দিনদুপৰতে সংঘটিত এই ঘটনাই প্ৰশ্ন উত্থাপন কৰিছে — যোৰহাটতো সুৰক্ষিতনে যুৱতী, মহিলা কৰ্মচাৰীসকল?

ঘটনাস্থল হৈছে যোৰহাটৰ গড় আলিত অৱস্থিত বিখ্যাত “চিটিকাৰ্ট ষ্টোৰ”। ষ্টোৰখনৰ পৰিচালক হিচাপে কাম কৰি থকা বহিৰাগত বিকি সূত্ৰধাৰে কৰ্মৰত এগৰাকী যুৱতী কৰ্মচাৰীৰ ওপৰত দিনটোত একে দিনত তিনিবাৰলৈকে যৌন নিৰ্যাতনৰ চেষ্টা চলায়। ইয়াক লৈ তীব্ৰ উত্তেজনা সৃষ্টি হয় যোৰহাট জুৰি।

বীৰ লাচিত সেনাৰ সক্ৰিয় ভূমিকা আৰু ৰাইজৰ সজাগতাৰ ফলত যুৱতীগৰাকী কোনোমতে ৰক্ষা পায়। ৰাইজে অভিযুক্ত বিকি সূত্ৰধাৰক কাণত ধৰাই আঠুকঢ়োৱা লগতে উত্তম মাধ্যম সোধাই আৰক্ষীৰ হাতত সোপর্দ কৰে।

ইতিমধ্যে, নিন্দনীয় এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ উত্থাপন হৈছে যোৰহাটত। স্থানীয় সচেতন ৰাইজে স্পষ্টকৈ কৈছে যে অভিযুক্তক কঠোৰ শাস্তি দিয়া নহ’লে ন্যায় নোহোৱা হ’ব। উল্লেখযোগ্য যে, এই দাবীৰ প্ৰতি সমৰ্থন জনাই স্থানীয় লোকসকলে শ্বপিং মহলখন যথোচিত ব্যৱস্থা নহোৱা পৰ্যন্ত বন্ধ কৰি দিছে।

এই ঘটনা প্ৰমাণ কৰিছে যে মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত সামাজিক সজাগতা আৰু কঠোৰ শাস্তিৰ প্ৰয়োজন বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top