
Barpeta Bongaigaon College, Langla । বৰপেটা আৰু বঙাইগাঁও মহাবিদ্যালয় লাংলাৰ শ্ৰেণীকোঠাত কিছুমান ছাত্ৰ-ছাত্ৰী অনৈতিক কাৰ্যত লীপ্ত হৈ পৰাৰ ঘটনা প্ৰকাশ পাইছে। এই ঘটনা প্ৰকাশ পোৱা পাছতেই স্থানীয়ভাবে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছে। শিক্ষাৰ মন্দিৰত এনে কাণ্ড সংঘটিত হোৱাত অভিভাৱক সমাজৰ লগতে সচেতন মহলৰ মাজত তীব্ৰ ক্ষোভৰ সঞ্চাৰ ঘটিছে।

প্ৰতিবাদীসকলে কৈছে, ‘‘মহাবিদ্যালয় হৈছে শিক্ষা লাভৰ স্থান, কিন্তু ইয়াত এনে অশোভনীয় কার্যকলাপ কোনো মতে গ্রহণযোগ্য নহয়।’’ ঘটনাটোৰ সম্পৰ্কত কলেজ কর্তৃপক্ষকো দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ স্থানীয় সকলে আহ্বান জনাইছে।

বর্তমানে ঘটনাটোক লৈ শিক্ষানুৰাগী আৰু স্থানীয় জনগণে কলেজৰ শৃঙ্খলা বজায় ৰাখিবলৈ যথাযথ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

