life save hospital । দক্ষিণ কামৰূপৰ বিজয়নগৰৰ লাইভচেভ হস্পিতালত এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। নাগালেণ্ডৰ এগৰাকী যুৱতী চিকিৎসাৰ বাবে হস্পিতালখনলৈ আহি ভয়ংকৰ অপমানৰ শিকার হোৱা বুলি অভিযোগ উঠিছে।

ভুক্তভোগী যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, CT Scan কৰাৰ নামত নজৰুল হক নামৰ লোকজনে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰে। যুৱতীগৰাকীৰ ভাষ্য অনুযায়ী, CT Scan কৰাৰ সময়ত সম্পূৰ্ণ উলংগ হবলৈ নিৰ্দেশ দিয়া হৈছিল। কেৱল উলংগ কৰাই নহয় যুৱতী গৰাকীৰ শৰীৰৰ গোপন অংশত হাত দিয়াৰো ভয়ংকৰ অভিযোগ উত্থাপিত কৰিলে ভুক্তভোগী যুৱতী গৰাকীয়ে ।

ঘটনাটোৱে সমগ্ৰ অঞ্চলতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টિ কৰিছে।
ইতিমধ্যে এই ঘটনা প্ৰতি তীব্ৰ প্ৰতিবাদ জানাই দক্ষিণ কামৰূপ আঞ্চলিক সমিতি আৰু বীৰ লাচিত সেনাৰ সদস্যসকলে আজি লাইভচেভ হস্পিতালত উপস্থিত হৈ দোষীক শাস্তি দিয়াৰ দাবী জনাইছে।

স্থানীয় সচেতন মহলৰ মতে, চিকিৎসালয়ত এনে ধৰণৰ লজ্জাজনক ঘটনা একেবাৰে গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ পূৰ্ণাংগ তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিব লাগিব।
