IIM । অসমবাসীৰ দীঘলীয়া অপেক্ষাৰ অন্ত পৰিল। অৱশেষত গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (IIM) স্থাপনৰ বাবে লোকসভাত গৃহীত হ’ল ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (সংশোধনী) বিধেয়ক, ২০২৫। কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিষ্ঠানৰ বাবে প্ৰদান কৰিব ৫৫০ কোটি টকা।

শ্বিলঙৰ পাছত গুৱাহাটীৰ IIM হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন আৰু সমগ্ৰ দেশৰ ২২তম IIM। সোমবাৰে লোকসভাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিধেয়কখন উত্থাপন কৰিছিল। আজি নিম্ন সদনৰ হুলস্থুলৰ মাজতেই বিধেয়কখন গৃহীত হয় আৰু তাৰ পিছতেই দিনটোৰ বাবে লোকসভাৰ কাৰ্য্যবিধি স্থগিত কৰা হয়।
আইনখনৰ খচৰা অনুসৰি, কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতিনিধিয়ে আগতে স্বাক্ষৰ কৰা বুজাবুজি চুক্তি (SoO) অনুসাৰে বিশেষ উন্নয়ন পেকেজ (SDP)ৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প হস্তান্তৰ কৰা হ’ব। গুৱাহাটীত IIM স্থাপনো SDPৰ অধীনত অন্যতম প্ৰকল্প হিচাপে ধাৰ্য্য কৰা হৈছে।

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভাৰ অনুমোদনক “ঐতিহাসিক মুহূৰ্ত” হিচাপে বৰ্ণনা কৰি কয় যে, এই পদক্ষেপই অসমক উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক দ্ৰুত অগ্ৰগতিৰ সংকেত। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ইতিমধ্যে ৰাজ্যত IIT আৰু AIIMS আছে আৰু এতিয়া IIMো সংযোজন হোৱাত অসম শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্ত উন্মোচন হ’ব।
যোৱা সপ্তাহতে কেন্দ্রীয় কেবিনেটে গুৱাহাটীত IIM স্থাপনৰ প্ৰস্তাৱ অনুমোদন কৰিছিল। আৰম্ভণি পৰ্যায়ত IIM আহমেদাবাদৰ মেণ্টৰত অস্থায়ীভাৱে পাঠদান আৰম্ভ হ’ব আৰু পাছত কামৰূপ জিলাৰ পলাশবাৰীৰ স্থায়ী কেম্পাছলৈ স্থানান্তৰিত কৰা হ’ব।
