GMCHত ভয়ংকৰ ঘটনা: মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া । GMCH

GMCHত ভয়ংকৰ ঘটনা: মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া । GMCH

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) আজিৰ পুৱা সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। NICUত বিচনাৰ পৰা পৰি মৃত্যু হৈছে এটি কন্যা নৱজাতকৰ। যোৱা ১৫ আগষ্টৰ দিনৰ পুৱা ১২:১৫ বজাত জন্ম হৈছিল নৱজাতকটিৰ। ঘটনাৰ সময়তে আন দুটি নৱজাতক গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে একেখন বিচনাত ৩টি নৱজাতকক ৰাখিছিল নাৰ্ছে।

ঘটনাটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “এনে ঘটনা পূৰ্বে GMCHত কেতিয়াও হোৱা নাছিল। কৰ্তব্যৰত নাৰ্ছগৰাকীক ইতিমধ্যে নিলম্বন কৰা হৈছে। ৩-৪ দিনৰ ভিতৰত গঠিত কমিটীয়ে প্ৰতিবেদন দিব আৰু সেই প্ৰতিবেদনৰ ভিত্তিত কড়া ব্যৱস্থা লোৱা হ’ব।”

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “এটা মেচিন খালী থকাৰ পাছতো নাৰ্ছে ৩টাকৈ শিশুক একেলগে ৰাখিছিল। ইয়াৰ ফলতেই এই ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে। ই এক অক্ষমণীয় অপৰাধ। মই বুজাব নোৱাৰাকৈ লাজ পাইছোঁ।”

শৰ্মাই আশ্বাস দিয়ে যে আহত দুটা শিশু বৰ্তমানে সুস্থ অৱস্থাত আছে। লগতে মুখ্যমন্ত্ৰীয়ে শিশুটিৰ পিতৃক সান্ত্বনা দিয়ে আৰু কাইলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ মাতি পঠিয়াইছে।

এই ঘটনা ইতিমধ্যেই সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃজন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top