আগ্নেয়াস্ত্ৰৰ অনুজ্ঞা পত্ৰ প্ৰদানৰ বিশেষ আঁচনি মুকলি

অসমত আগ্নেয়াস্ত্ৰ অনুজ্ঞা পত্ৰ প্ৰদানৰ বিশেষ আঁচনি মুকলি — খিলঞ্জীয়া নাগৰিকৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীৰ পদক্ষেপ । Assam government to grant arms license 

গুৱাহাটী, ১৪ আগষ্টঃAssam government to grant arms license 
অসমৰ দুৰ্গম আৰু স্পৰ্শকাতৰ অঞ্চলত বসবাস কৰা খিলঞ্জীয়া নাগৰিকসকলৰ সুৰক্ষাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আগ্নেয়াস্ত্ৰ অনুজ্ঞা পত্ৰ প্ৰদানৰ বিশেষ আঁচনিৰ শুভাৰম্ভ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি এই আঁচনি মুকলি কৰি কয়, এই ব্যৱস্থা ৰাজ্যবাসীৰ, বিশেষকৈ সীমান্ত আৰু সংবেদনশীল এলেকাৰ খিলঞ্জীয়া পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰাত সহায়ক হ’ব।

অনুজ্ঞাপত্ৰ লাভৰ যোগ্যতা
এই আঁচনিৰ অধীনত আগ্নেয়াস্ত্ৰৰ অনুজ্ঞা পত্ৰ লাভ কৰিবলৈ আবেদনকাৰীৰ ক্ষেত্ৰত কেইবাটাও বিশেষ মানদণ্ড নিৰ্ধাৰণ কৰা হৈছে —

  • অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • বয়স ন্যূনতম ২১ বছৰ হ’ব লাগিব।
  • অসমৰ স্পৰ্শকাতৰ এলেকাৰ বাসিন্দা হ’ব লাগিব।
  • মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব।
  • বৈধ অস্ত্ৰচালনাৰ প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ থাকিব লাগিব।
  • অসমত তিনিটা প্ৰজন্মৰ বসতিৰ প্ৰমাণ থাকিব লাগিব।

ক’ত আৰু কেনেদৰে কৰিব পাৰিব আবেদন
যোগ্য নাগৰিকসকলে “সেৱা সেতু” প’ৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আবেদন পৰ্যালোচনা কৰাৰ পিছত জিলা আয়ুক্ত কাৰ্যালয়ে অনুজ্ঞা পত্ৰ প্ৰদান কৰিব।

অনুজ্ঞাপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া
প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত চৰকাৰে নিৰাপত্তা আৰু আইনী দিশত বিশেষ গুৰুত্ব আৰোপ কৰিছে —

  1. আবেদনকাৰীৰ নিৰাপত্তাৰ মূল্যায়ন।
  2. পৰীক্ষণ আৰু সত্যাসত্য নিৰূপণ।
  3. বিদ্যমান আইনৰ সৈতে পূৰ্ণ সামঞ্জস্য।
  4. অহস্তান্তৰযোগ্য আৰু সময়ানুক্ৰমে পৰ্যালোচনাযোগ্য অনুজ্ঞা পত্ৰ।
  5. নিৰীক্ষণ আৰু প্ৰতিবেদনৰ ওপৰত গুৰুত্ব।

মুখ্যমন্ত্ৰীৰ বক্তব্য
কিছুদিন পূৰ্বে এই আঁচনিৰ প্ৰসঙ্গত মুখ্যমন্ত্রী শর্মাই কৈছিল —
“অসমৰ কিছুমান জিলা আছে, য’ত এখন গাঁৱৰ ২০-২৫ হাজাৰ মানুহে ঘেৰী আছে, মাজত ১০০ জন মানুহে এখন সত্ৰত বহি আছে। আমি এনে নিদিও। বন্দুক লাগিব, মাটিও লাগিব, অধিকাৰো লাগিব। আইনী প্ৰক্ৰিয়াৰ অধীনত এনে পৰিয়ালে ইচ্ছা কৰিলে অস্ত্ৰৰ অনুজ্ঞা পত্ৰ লাভ কৰিব পাৰিব। সনাতন ধৰ্ম ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।”

চৰকাৰৰ মতে, এই আঁচনিৰ ফলত দুৰ্গম অঞ্চলৰ খিলঞ্জীয়া পৰিয়ালসকল নিজৰ সুৰক্ষাৰ বাবে আইনী আৰু নিয়মিত ধৰণে আগ্নেয়াস্ত্ৰ ব্যৱহাৰৰ সুযোগ লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top