পলাশবাৰী পাল্লীত বনকৰা কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১০ দিন পিছত ব্যাপক সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰভাৱ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৎপৰতাত অৱশেষত আজাৰা থানাত ৰুজু হ’ল গোচৰ।
যোৱা ২৪ আগষ্টৰ নিশা পলাশবাৰীৰ পাল্লীস্থিত লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু কুমাৰ নাথৰ বাসগৃহৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল এগৰাকী ১৭ বছৰীয়া নাবালিকা। অভিযোগ অনুসৰি, বিগত প্ৰায় পাঁচ বছৰ ধৰি অভিযন্তাগৰাকীৰ বাসগৃহত ঘৰুৱা সহায়িকা হিচাপে কাম কৰি আছিল কিশোৰীগৰাকী।
নাবালিকা গৰাকীয়ে ধাৰাবাহিকভাৱে নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে সমগ্ৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। অভিযোগ অনুসৰি, উপায়ন্তৰ হৈ ২৪ আগষ্টৰ নিশা নাথৰ বাসগৃহৰ পৰা পলাই যাবলৈ বাধ্য হৈছিল কিশোৰীগৰাকী।
এক সূত্ৰই দিয়া খবৰ অনুসৰি , ঘটনাৰ প্ৰায় ১০ দিন পিছত, অৱশেষত আজাৰা থানাত ১২৬/২০২৬ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে। (Azara PS Case No. 126/2026, U/S 115(2)/64(2)(i)/238/351(2) BNS r/w Section 6 POCSO Act.) অভিযুক্তৰ বিৰুদ্ধে প্ৰাসংগিক BNS ধাৰাৰ লগতে POCSO আইনৰ ৬ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
ইফালে, আজি সংবাদ মাধ্যমৰ আগত অসম চাহ জনজাতি ছাত্ৰ সন্থাই সমগ্ৰ ঘটনাৰ সঠিক আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। লগতে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে।
সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। সংগঠনটোৰ দাবী— নাবালিকা গৰাকীয়ে যাতে উচিত ন্যায় লাভ কৰে আৰু ঘটনাৰ সৈতে জড়িত সকলো অভিযোগৰ নিৰপেক্ষ তদন্ত হয়, তাৰ বাবে চৰকাৰে বিশেষভাৱে হস্তক্ষেপ কৰিব লাগে।
এতিয়া প্ৰশ্ন হয় কেতিয়া গ্ৰেপ্তাৰ কৰা হ’ব অভিযুক্ত শান্তনু কুমাৰ নাথ?
যৌ*ন শোষণৰ বলি হোৱা নাবালিকা গৰাকীক পাবনে ন্যায় ?
আৰক্ষীৰ তদন্তৰ অন্তত সকলো তথ্য পোহৰলৈ আহিব ।
