নগাঁৱৰ কঠীয়াতলীত দিক্ৰুম কাৰ্বি গাৱঁত পিতৃয়ে কৰিলে জঘন্য কাণ্ড: দুবছৰ ধৰি নিজৰ ১৩ বছৰীয়া কন্যাক যৌন নিৰ্যাতন, আটক লম্পট পংকজ বৰা

নগাঁও জিলাৰ কঠীয়াতলীৰ দিক্ৰুম কাৰ্বি গাৱঁত সংঘটিত হৈছে এক মানৱ সমাজক লজ্জাজিত কৰা জঘন্য কাণ্ড।
নিজ পিতৃৰ বৰ্বৰ কামনাৰ বলি হ’বলগীয়া হৈছে এগৰাকী ১৩ বছৰীয়া নাবালিকা।

অভিযোগ অনুসৰি, অভিযুক্ত পিতৃ পংকজ বৰাই বিগত দুবছৰ ধৰি নিজৰ কিশোৰী কন্যাক ধাৰাবাহিকভাৱে যৌন নিৰ্যাতন চলাই আহিছিল।
অৱশেষত ভুক্তভোগী কিশোৰীগৰাকী আৰু মাতৃৰ অভিযোগৰ ভিত্তিত স্থানীয় ৰাইজে লম্পট পংকজ বৰাক আটক কৰে।
ইয়াৰ পিছতে উত্তেজিত ৰাইজে অভিযুক্ত পিতৃক কঠীয়াতলী আৰক্ষীক গতাই দিয়ে।

ইফালে, সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ঘটনাটোৰ আঁৰত কিবা ৰহস্য থকা বুলিও একাংশ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ তদন্তৰ পিছতহে এই জঘন্য কাণ্ডৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।
