গুমৰিয়া পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰক মাৰপিটৰ অভিযোগ।
বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ বদৰুদ্দিন আলিক কেইবাগৰাকীও ছাত্ৰই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, আজি পুৱাৰ ভাগত বিদ্যালয়খনৰ ভিতৰতে ৩ৰ পৰা ৫জন ছাত্ৰই বদৰুদ্দিন আলিক মাৰপিট কৰে।
ছাত্ৰগৰাকীৰ অভিযোগ, বিদ্যালয়খনৰ একাংশ ছাত্ৰই চিগাৰেট ক্ৰয় কৰিবলৈ তেওঁৰ পৰা ধন বিচাৰিছিল। কিন্তু বদৰুদ্দিন আলিয়ে ধন দিবলৈ অস্বীকাৰ কৰাত তেওঁক প্ৰহাৰ কৰা হয়।
ঘটনাৰ পিছতে বদৰুদ্দিন আলিৰ পিতৃয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত সোণাপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।
ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
ইফালে, অভিযোগ অনুসৰি বিদ্যালয়খনৰ একাংশ ছাত্ৰই ধপাতজাতীয় দ্ৰব্য সেৱন কৰাৰ লগতে এনে সামগ্ৰীক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনাও সংঘটিত কৰি আহিছে।

আনহাতে, বিদ্যালয়খনৰ সন্মুখত ‘ধঁপাতমুক্ত শিক্ষানুষ্ঠান’ বুলি বেনাৰ আঁৰি থোৱা আছে যদিও, বিদ্যালয়খনৰ লগতে বহু কেইখন দোকানত ধপাতজাতীয় সামগ্ৰী পোৱা যায় বুলি অভিযোগ উত্থাপন হৈছে।
কেৱল সেয়াই নহয়, বিদ্যালয় চৌহদত বিভিন্ন ধপাতজাতীয় সামগ্ৰীৰ খালী পেকেট পৰি থকা দৃশ্যও দেখিবলৈ পোৱা গৈছে।
এনে পৰিস্থিতিত বিদ্যালয় চৌহদত ধপাতজাতীয় সামগ্ৰীৰ প্ৰৱেশ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ইয়াৰ ব্যৱহাৰ ৰোধ কৰাৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে।
এতিয়া ছাত্ৰক মাৰপিটৰ এই অভিযোগৰ ভিত্তিত সোণাপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে আৰু বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়খনক প্ৰকৃতাৰ্থত ধঁপাতমুক্ত কৰি ৰখাৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।
