মাষ্টৰৰ ‘প্ৰেম নিবেদন’ক লৈ উত্তাল তেজপুৰ

মাষ্টৰৰ ‘প্ৰেম নিবেদন’ক লৈ উত্তাল তেজপুৰ

মাষ্টৰৰ ‘প্ৰেম নিবেদন’ক লৈ উত্তাল তেজপুৰ

নৱম শ্ৰেণীৰ ছাত্ৰীলৈ নিশা প্ৰেৰণ কৰা গোপন WhatsApp মেচেজক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
অভিযুক্ত প্ৰধান শিক্ষকৰ ঘৰ ঘেৰাও স্থানীয় ৰাইজৰ, আৰক্ষীৰ হস্তক্ষেপ

এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীলৈ নিশা প্ৰেৰণ কৰা বুলি অভিযোগ উঠা প্ৰধান শিক্ষকৰ গোপন WhatsApp মেচেজক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে তেজপুৰ। ছাত্ৰীগৰাকীলৈ প্ৰেৰণ কৰা কথিত মেচেজ পৰিয়ালৰ হাতত পৰাৰ পিছতে বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

অভিযোগ অনুসৰি, তেজপুৰৰ ভৈৰৱী দেৱালয়ৰ সমীপৰ লুথেৰাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ বৈশ্যই নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীলৈ নিশাৰ ভাগত আপত্তিজনক ধৰণৰ ব্যক্তিগত মেচেজ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতে মেচেজসমূহ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ হাতত পৰে আৰু ক্ৰমাৎ বিষয়টো ৰাজহুৱা হৈ পৰে।

ঘটনাটোক কেন্দ্ৰ কৰি শনিবাৰে বিদ্যালয় চৌহদত স্থানীয় ৰাইজে প্ৰধান শিক্ষকসহ সহঃশিক্ষকসকলকো জৱাবদিহি কৰে। শিক্ষকগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰতিবাদত বিদ্যালয়তে এখন ৰাজহুৱা সভাৰো আয়োজন কৰে স্থানীয় ৰাইজে।

ইফালে, সভালৈ প্ৰধান শিক্ষকগৰাকী উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোক। বহু সময় অপেক্ষা কৰাৰ পিছতো শিক্ষকগৰাকী উপস্থিত নোহোৱাত উত্তেজিত ৰাইজে তেওঁৰ বাসগৃহ ঘেৰাও কৰে।

ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈ প্ৰধান শিক্ষক প্ৰদীপ বৈশ্যই বাসগৃহ এৰি পলায়ন কৰা বুলি জানিব পৰা গৈছে। পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত তেজপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে তদন্ত কৰি আইনগত আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। বিশেষকৈ এগৰাকী নাবালিকা ছাত্ৰী জড়িত থকাৰ অভিযোগ উঠাত বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰাৰ আহ্বান জনাইছে ৰাইজে।

অৱশ্যে, শিক্ষক প্ৰদীপ বৈশ্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ সত্যতা তদন্তৰ পিছতহে নিশ্চিত হ’ব। আৰক্ষী তথা সংশ্লিষ্ট প্ৰশাসনে এই ঘটনাত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষণীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top