মহানগৰীৰ স্পা-বিউটি পাৰ্লাৰত অভিযান, আপত্তিজনক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত পুৰুষ-মহিলা উদ্ধাৰ

মহানগৰীৰ স্পা-বিউটি পাৰ্লাৰত অভিযান, আপত্তিজনক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত পুৰুষ-মহিলা উদ্ধাৰ

মহানগৰীৰ স্পা-বিউটি পাৰ্লাৰত অভিযান

আপত্তিজনক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত পুৰুষ-মহিলা উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ ৱালফৰ্ডস্থিত Loveliness Hair Beauty & Spaত অনৈতিক তথা আপত্তিজনক কাৰ্যকলাপ সংঘটিত হোৱাৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভিযোগৰ ভিত্তিত উক্ত স্থানৰ বাস্তৱিক স্থিতি পৰীক্ষা কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় বজৰং দলৰ গুৱাহাটী মহানগৰ সমিতি আৰু ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ সদস্যসকলে একেলগে অভিযান চলায়।

অভিযানৰ সময়ত এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাক আপত্তিজনক কাৰ্যকলাপত লিপ্ত থকা অৱস্থাত উদ্ধাৰ কৰা বুলি দাবী কৰিছে অভিযানকাৰী দলটোৱে। লগতে স্থানটোৰ পৰা কিছুমান আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰাৰো দাবী কৰা হৈছে। অভিযানকাৰীসকলে আন এগৰাকী মহিলাকো উক্ত স্থানৰ পৰা উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।

ঘটনাৰ বিষয়ে ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যসকলে ফোনযোগে দিছপুৰ আৰক্ষীক অৱগত কৰে। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সংশ্লিষ্ট লোকসকলক নিজৰ জিম্মাত লৈ যায়।

ইফালে, মাছাজ পাৰ্লাৰ, স্পা অথবা বিউটি পাৰ্লাৰৰ নামত কোনো স্থানত অনৈতিক, অবৈধ বা সমাজবিৰোধী কাৰ্যকলাপ সংঘটিত হ’লে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাষ্ট্ৰীয় বজৰং দল আৰু ৰাষ্ট্ৰীয় মহিলা পৰিষদে।

ৰাইজৰ পৰা লাভ কৰা এনে অভিযোগসমূহ গুৰুত্বসহকাৰে লৈ প্ৰয়োজনীয় ক্ষেত্ৰত ঘটনাস্থলী পৰীক্ষা কৰি বিষয়টো আইন-শৃংখলা বাহিনীৰ দৃষ্টিগোচৰ কৰি যোৱা হ’ব বুলিও সংগঠন দুটাই জানিবলৈ দিয়ে।

ঘটনাটোক লৈ আৰক্ষীৰ তদন্ততহে সমগ্ৰ বিষয়টোৰ প্ৰকৃত সত্যতা স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top