অমৃতপ্ৰভা মহন্তৰ জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নতুন মোৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিনৰ নিৰ্দেশৰ বিৰুদ্ধে চৰকাৰৰ আবেদন
জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল অসম চৰকাৰ। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অমৃতপ্ৰভা মহন্তক জামিন প্ৰদান কৰি দিয়া নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে ৰাজ্য চৰকাৰে।
উল্লেখ্য যে, যোৱা ৯ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অমৃতপ্ৰভা মহন্তক জামিন প্ৰদান কৰিছিল। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম চৰকাৰে।
ইয়াৰ পূৰ্বে ১৮ অক্টোবৰত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ (CID) বিশেষ সঞ্চালক প্ৰধান মুনা প্ৰসাদ গুপ্তাই সংবাদমেলযোগে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি ঘোষণা কৰিছিল।
আনহাতে, ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়াইও অমৃতপ্ৰভাৰ জামিনৰ নিৰ্দেশত কেতবোৰ অসংগতি থকা বুলি মত প্ৰকাশ কৰিছিল। তেওঁৰ মতে, জামিনৰ নিৰ্দেশত উল্লেখ কৰা কিছুমান পৰ্যবেক্ষণে গোচৰটোৰ চলি থকা বিচাৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱাৰ আশংকা আছে।
উল্লেখযোগ্য যে, অমৃতপ্ৰভাক জামিন প্ৰদান কৰাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে তদন্তৰ তথ্য আৰু বিচাৰ প্ৰক্ৰিয়াত লিপিবদ্ধ সাক্ষ্যৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগৰ প্ৰাথমিক ভিত্তি প্ৰতিষ্ঠা হোৱা নাই বুলি পৰ্যবেক্ষণ কৰিছিল। অৱশ্যে আদালতে স্পষ্ট কৰি দিছিল যে এই পৰ্যবেক্ষণ কেৱল জামিন আবেদনৰ শুনানিৰ বাবেহে। অমৃতপ্ৰভা মহন্ত দোষী নে নিৰ্দোষী, তাৰ চূড়ান্ত সিদ্ধান্ত চলি থকা গোচৰৰ বিচাৰৰ সময়তহে গ্ৰহণ কৰা হ’ব।
এতিয়া অসম চৰকাৰৰ আবেদনৰ পিছত উচ্চতম ন্যায়ালয়ে এই গোচৰত কি স্থিতি গ্ৰহণ কৰে, তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।
