ব্যতিক্ৰমী বিয়া! দৰা-কইনাৰ নতুন জীৱনৰ পাতনি মেলিলে গাঁওবাসীয়ে

ব্যতিক্ৰমী বিয়া! দৰা-কইনাৰ নতুন জীৱনৰ পাতনি মেলিলে গাঁওবাসীয়ে

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ লাৰুৱাজানত ব্যতিক্ৰমী বিবাহক লৈ আনন্দৰ লহৰ। বেণ্ড পাৰ্টিৰ সুৰ, নৃত্য, হাঁহি-ধেমালি আৰু গাঁওবাসীৰ উল্লাসেৰে মুখৰিত হৈ পৰিল সমগ্ৰ অঞ্চল। সাধাৰণ বিবাহৰ বিপৰীতে এইবাৰ বিবাহৰ সম্পূৰ্ণ আয়োজন কৰিলে স্থানীয় ৰাইজে।

জানিব পৰা মতে, লাৰুৱাজানৰ ৩০ বছৰীয়া ৰফিকুল ইছলাম আৰু ২৫ বছৰীয়া নুৰী খাতুনৰ সন্মতি সাপেক্ষে এই বিবাহৰ আয়োজন কৰা হয়। দুয়োগৰাকীৰ বৌদ্ধিক বা মানসিক অক্ষমতাৰ প্ৰত্যাহ্বান থাকিলেও, তেওঁলোকক সমাজৰ মূলসুঁতিত মৰ্যাদাৰে নতুন জীৱন আৰম্ভ কৰাৰ সুযোগ দিয়াৰ উদ্দেশ্যে গাঁওবাসী একত্ৰিত হয়।

বুধবাৰে নিশা বিবাহ উপলক্ষে সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ। দৰা ৰফিকুলক কান্ধত তুলি কইনাৰ ঘৰলৈ ৰাওনা হয় দৰা পক্ষ। লগত আছিল বেণ্ড পাৰ্টি। বেণ্ডৰ তালে তালে নাচি-গাই আনন্দত মতলীয়া হৈ পৰে গাঁওবাসী।

জানিব পৰা মতে, ৰফিকুলে দীৰ্ঘদিন ধৰি নিজৰ এখন সংসাৰ গঢ়াৰ সপোন দেখি আহিছিল। আনহাতে নুৰী খাতুনৰো আছিল জীৱন সংগীৰ সৈতে নতুন জীৱন আৰম্ভ কৰাৰ আশা। অৱশেষত দুয়োৰে সন্মতি আৰু স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকৰ যুগ্ম জীৱনৰ পাতনি মেলাৰ আয়োজন কৰা হয়।

এই ব্যতিক্ৰমী বিবাহে সমাজলৈ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে। শাৰীৰিক বা মানসিক প্ৰত্যাহ্বান থাকিলেও প্ৰতিগৰাকী মানুহৰেই মৰ্যাদা, মৰম, সংগ আৰু এটা সুন্দৰ জীৱনৰ অধিকাৰ আছে। সেই উপলক্ষে লাৰুৱাজানৰ ৰাইজেও ৰফিকুল আৰু নুৰীৰ নতুন জীৱন সুখ, শান্তি আৰু মৰমেৰে ভৰি পৰাৰ কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top