‘‘দাদাক কালপ্ৰিটকেইটাই মাৰি পেলালে, আপোনালোকে বৌক নামাৰিব!’’
গৰিমা শইকীয়া গাৰ্গক লক্ষ্য কৰি কৰা মন্তব্যক লৈ ক্ষুব্ধ জুবিনৰ ভাতৃ অৰুণ গাৰ্গ
‘‘বৌক মৰিবলৈ নিদিব’’ — প্ৰতিবাদস্থলীৰ পৰাই আৱেগিক আহ্বান
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটীৰ চচলত জুবিন ফেন ক্লাবৰ প্ৰতিবাদ। প্ৰতিবাদস্থলীত উপস্থিত হৈ জুবিন গাৰ্গৰ ভাতৃ অৰুণ গাৰ্গে সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গক লক্ষ্য কৰি একাংশই কৰা কটু মন্তব্যক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। লগতে সকলোকে গৰিমা শইকীয়াক আৰু মানসিকভাৱে কষ্ট নিদিবলৈ আৱেগিক আহ্বান জনায়।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গে জামিন লাভ কৰাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ইয়াৰ অংশ হিচাপে আজি চচলৰ ধৰ্ণাস্থলীত জুবিন ফেন ক্লাবেও প্ৰতিবাদ সাব্যস্ত কৰে।
ইফালে, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আন্দোলন অব্যাহত থকাৰ মাজতে সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গক লক্ষ্য কৰি একাংশই কৰা কটু মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। এই মন্তব্যই ইতিমধ্যে শোকত ভাগি পৰা পৰিয়ালটোক অধিক মানসিক যন্ত্ৰণা দিয়া বুলি ক্ষোভ প্ৰকাশ কৰে অৰুণ গাৰ্গে।
প্ৰতিবাদস্থলীত আৱেগিক হৈ অৰুণ গাৰ্গে কয়, ‘‘আপোনালোকে দাদাৰ বাবে যুঁজক, বৌক মৰিবলৈ নিদিব। দাদাক কালপ্ৰিটকেইটাই মাৰি পেলালে, এতিয়া অন্তত বৌক মৰিবলৈ নিদিব। আপোনালোকে কি বৌক মাৰি পেলাব বিচাৰিছে নেকি?’’
তেওঁৰ মতে, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত যুঁজ দিয়াৰ পৰিৱৰ্তে একাংশই গৰিমা গাৰ্গক লক্ষ্য কৰি লোৱাটো দুৰ্ভাগ্যজনক। গৰিমাক অযথা সমালোচনা কৰি কোনো লাভ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে শিল্পীগৰাকীৰ ন্যায় প্ৰাপ্তিয়েই হ’ব লাগে সকলোৰে মূল লক্ষ্য।
গৰিমা শইকীয়া গাৰ্গৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ বিষয়েও উল্লেখ কৰে অৰুণ গাৰ্গে। তেওঁ কয় যে বিগত এবছৰে গৰিমাই ভালদৰে শুব পৰা নাই, খাবলৈও ইচ্ছা নকৰে আৰু অধিকাংশ সময় কান্দি থাকে। প্ৰতিটো মুহূৰ্ততে তেওঁ গৰিমাৰ কাষত থাকে বুলিও উল্লেখ কৰি সকলোকে বৌক আৰু কষ্ট নিদিবলৈ কাতৰ আহ্বান জনায়।
ইয়াৰ পূৰ্বেও আহ্বান জনাইছিল আছুৰ সভাপতিয়ে
উল্লেখ্য যে, কিছুদিন পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মায়ো সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গক লক্ষ্য কৰি সমালোচনা কৰাসকলক এনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল। তেওঁ স্পষ্ট কৰি দিছিল যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত চলা আন্দোলন কেৱল গৰিমা শইকীয়া গাৰ্গৰ স্বামীৰ ন্যায়ৰ বাবে নহয়, বৰং অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বাবেহে।
লগতে গৰিমা গাৰ্গে কেনেদৰে জীৱন অতিবাহিত কৰিব, সেই বিষয়ে কোনেও নিৰ্দেশনা দিব নালাগে বুলিও মন্তব্য কৰিছিল উৎপল শৰ্মাই। তেওঁৰ আহ্বান আছিল, গৰিমাক লক্ষ্য কৰি ব্যক্তিগত আক্ৰমণ কৰাৰ পৰিৱৰ্তে সকলোৱে ঐক্যবদ্ধভাৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত যুঁজ দিয়ক।
