অভয়াপুৰীত হৃদয়বিদাৰক ঘটনা: বিশেষভাৱে সক্ষম সন্তানক এৰি আনজনৰ সৈতে গুছি যোৱাৰ অভিযোগ, পত্নীৰ বিৰুদ্ধে স্বামীৰ বিস্ফোৰক অভিযোগ

অভয়াপুৰীত হৃদয়বিদাৰক ঘটনা: বিশেষভাৱে সক্ষম সন্তানক এৰি আনজনৰ সৈতে গুছি যোৱাৰ অভিযোগ, পত্নীৰ বিৰুদ্ধে স্বামীৰ বিস্ফোৰক অভিযোগ

অভয়াপুৰীত হৃদয়বিদাৰক ঘটনা: বিশেষভাৱে সক্ষম সন্তানক এৰি আনজনৰ সৈতে গুছি যোৱাৰ অভিযোগ, পত্নীৰ বিৰুদ্ধে স্বামীৰ বিস্ফোৰক অভিযোগ

বঙাইগাঁও জিলাৰ অভয়াপুৰীত এক হৃদয়বিদাৰক পাৰিবাৰিক ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। পত্নী গীতাঞ্জলি ৰায়ে বিশেষভাৱে সক্ষম সাত বছৰীয়া সন্তান আৰু স্বামীক এৰি আনজনৰ সৈতে গুছি যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্বামী ঋতুমণি ৰায়ে।

ঋতুমণি ৰায়ৰ অভিযোগ অনুসৰি, দিন হাজিৰা কৰি কষ্টেৰে পৰিয়াল পোহপাল দি আহিছিল তেওঁ। আৰ্থিক অভাৱৰ মাজতো বিশেষভাৱে সক্ষম সন্তানটোৰ চিকিৎসা আৰু লালন-পালনৰ দায়িত্ব পালন কৰিবলৈ সদায় চেষ্টা কৰিছিল। কিন্তু হঠাতে পত্নীয়ে তেওঁলোকক এৰি বেলেগলৈ গুচি যোৱাত তেওঁ সম্পূৰ্ণৰূপে ভাঙি পৰিছে।

আৱেগিকভাৱে ঋতুমণি ৰায়ে কয়, “মোৰ মানুহজনীয়ে ইমান নিকৃষ্ট কাম কৰিব বুলি ভবা নাছিলো। বিশেষভাৱে সক্ষম ল’ৰাটোক এৰি বেলেগলৈ গুছি গ’ল।”

তেওঁৰ মতে, বৰ্তমান সাত বছৰীয়া বিশেষভাৱে সক্ষম সন্তানটোক লৈ অত্যন্ত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে তেওঁ। দিন হাজিৰা কৰিবলৈ গ’লেই সন্তানটোক কোনে চাব, সেই চিন্তাই এতিয়া তেওঁক অধিক জুৰুলা কৰি তুলিছে।

ঘটনাটো পোহৰলৈ অহাৰ পিছতে স্থানীয় অঞ্চলত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে বিশেষভাৱে সক্ষম শিশুটোৰ ভৱিষ্যৎ আৰু পিতৃৰ অসহায় অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

ইফালে, অভিযোগসমূহৰ বিষয়ে গীতাঞ্জলি ৰায়ৰ পক্ষৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়ালৈকে লাভ কৰা হোৱা নাই। সেয়ে এই অভিযোগসমূহ একপক্ষীয় বুলি গণ্য কৰা হৈছে। যদি এই সন্দৰ্ভত গীতাঞ্জলি ৰায়ৰ বক্তব্য পোৱা যায়, সেয়াও সমান গুৰুত্বসহকাৰে প্ৰকাশ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top