উচ্চ আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন

উচ্চ আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন

উচ্চ আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন

উত্তৰ লেঙা সমন্বয় ৰক্ষী সমিতিৰ উদ্যোগত উত্তৰ লেঙাৰ আমবাৰী অঞ্চলত ২০২৬ বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা আৰু অভিনন্দন জনোৱা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আই আই টি গুৱাহাটীৰ সৌৰ বিজ্ঞানী ড° সাগৰ ভট্ট ৰায়। তেওঁ নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলক অধ্যৱসায়, শৃংখলা আৰু বিজ্ঞানমনস্ক দৃষ্টিভংগীৰে আগবাঢ়িবলৈ আহ্বান জনোৱাৰ লগতে ভৱিষ্যৎ জীৱনত সফলতা অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি ক্ৰমে মোহন শইকীয়া, জয়ন্ত নাথ, নয়নমণি বৰা, গোলোক দাস, বীৰেণ বৈশ্য, জেৰিলা বেগম, পংকজ ৰাম, চিয়াৰি আদি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

সভাত গোলোক দাসে সভাপতিত্ব কৰে আৰু বাবুল চেত্ৰীয়ে আঁত ধৰে। অনুষ্ঠানত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰি তেওঁলোকৰ কৃতিত্বক স্বীকৃতি জনোৱা হয়।

উপস্থিত বক্তাসকলে কয় যে, সমাজৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ এনে পদক্ষেপে শিক্ষাৰ ক্ষেত্ৰত অধিক ইতিবাচক পৰিৱেশ সৃষ্টি কৰাৰ লগতে নতুন প্ৰজন্মক আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰেৰণা যোগাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top