যোৰহাটত পৰকীয়া সম্পৰ্কক লৈ উত্তেজনা, মহিলা আৰক্ষীৰ জিম্মাত । Jorhat

যোৰহাটত পৰকীয়া সম্পৰ্কক লৈ উত্তেজনা, মহিলা আৰক্ষীৰ জিম্মাত । Jorhat

Jorhat । যোৰহাটত পৰকীয়া সম্পৰ্কক লৈ উত্তেজনা, মহিলা আৰক্ষীৰ জিম্মাত

যোৰহাট জিলাৰ সবাইবন্ধা অঞ্চলত পৰকীয়া সম্পৰ্কক কেন্দ্ৰ কৰি সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় লোক আৰু মহিলা সমিতিৰ সদস্যসকলে এগৰাকী মহিলাক আটক কৰি আৰক্ষীৰ হাতত চমজাই দিয়ে।

স্থানীয় সূত্ৰৰ অভিযোগ অনুসৰি, জোনালী দাস নামৰ মহিলাগৰাকীয়ে জীতেন গগৈ নামৰ এজন বিবাহিত পুৰুষৰ সৈতে একেলগে অঞ্চল এৰিবলৈ চেষ্টা কৰাৰ সময়তে মহিলা সমিতি আৰু স্থানীয় ৰাইজে দুয়োকে ধৰা পেলায়।

অভিযোগ অনুসৰি, জীতেন গগৈ বিবাহিত আৰু তেওঁৰ পত্নীৰ লগতে প্ৰায় পাঁচ বছৰীয়া এটি সন্তান আছে। স্থানীয় লোকৰ দাবী যে তেওঁ কিছুদিন ধৰি জোনালী দাসৰ সৈতে সম্পৰ্কত আছিল।

আনহাতে, স্থানীয়ভাৱে জোনালী দাসৰ পূৰ্বে একাধিক বিবাহ হৈছিল বুলি দাবী উত্থাপন কৰা হৈছে। কিছু লোকে তেওঁৰ ৯ জন স্বামী থকাৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে এই অভিযোগসমূহৰ স্বাধীনভাৱে কোনো চৰকাৰী নিশ্চিতকৰণ এতিয়ালৈকে পোৱা হোৱা নাই।

ঘটনাৰ পিছত মহিলা সমিতি আৰু স্থানীয় ৰাইজে জোনালী দাসক আৰক্ষীৰ জিম্মাত চমজাই দিয়ে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top