অসমত UCC বলবৎ হোৱাৰ পিছতো দ্বিতীয় বিবাহৰ অভিযোগ: ন্যায় বিচাৰি আৰক্ষীৰ কাষত প্ৰথমা পত্নী

অসমত UCC বলবৎ হোৱাৰ পিছতো দ্বিতীয় বিবাহৰ অভিযোগ: ন্যায় বিচাৰি আৰক্ষীৰ কাষত প্ৰথমা পত্নী

অসমত UCC বলবৎ হোৱাৰ পিছতো দ্বিতীয় বিবাহৰ অভিযোগ: ন্যায় বিচাৰি আৰক্ষীৰ কাষত প্ৰথমা পত্নী

ৰাজ্যত নাৰী নিৰ্যাতনৰ অভিযোগ দিনক দিনে বৃদ্ধি পোৱাৰ মাজতে দৰং জিলাৰ মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত মোৱামৰী গাঁৱৰ এগৰাকী মহিলাই স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি, স্বামীয়ে দ্বিতীয় বিবাহ কৰাৰ পিছৰে পৰা তেওঁ প্ৰথমা পত্নীৰ ওপৰত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছে।

ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ অনুসৰি, মোৱামৰী গাঁৱৰ বাসিন্দা প্ৰসাদ সৰকাৰে দ্বিতীয় বিবাহ কৰাৰ পাছতেই তেওঁলোকৰ দাম্পত্য জীৱনত অশান্তিৰ সৃষ্টি হয়। ইয়াৰ পিছৰে পৰা তেওঁ নিয়মীয়াকৈ মানসিক হাৰাশাস্তি, অপমান কৰাৰ লগতে শাৰীৰিকভাৱেও নিৰ্যাতন চলাই আহিছে বুলি মহিলাগৰাকীয়ে অভিযোগ কৰে।

ন্যায়ৰ আশাত মহিলাগৰাকীয়ে মঙলদৈ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে যদিও এতিয়ালৈকে সন্তোষজনক ন্যায় লাভ কৰা নাই বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰিছে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ইফালে, অসমত Uniform Civil Code (UCC)-সম্পৰ্কীয় ব্যৱস্থা বলবৎ হোৱাৰ পিছতো দ্বিতীয় বিবাহ আৰু তাৰ পিছত প্ৰথমা পত্নীৰ ওপৰত নিৰ্যাতনৰ দৰে অভিযোগ উত্থাপিত হোৱাত বিভিন্ন মহলত পুনৰ নাৰী সুৰক্ষা, আইনৰ কাৰ্যকৰী প্ৰয়োগ আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জোৰদাৰ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top