পুনৰ আৰক্ষীৰ জালত বিতৰ্কিত অভিমন্যু দাস; পিষ্টল, ৰাইফল, শতাধিক গুলীসহ জব্দ অস্ত্ৰ-শস্ত্ৰ । Indrani Tahbuldar case

পুনৰ আৰক্ষীৰ জালত বিতৰ্কিত অভিমন্যু দাস; পিষ্টল, ৰাইফল, শতাধিক গুলীসহ জব্দ অস্ত্ৰ-শস্ত্ৰ । Indrani Tahbuldar case


Indrani Tahbuldar case বিতৰ্কিত অভিমন্যু দাস পুনৰ আৰক্ষীৰ জালত পৰিছে। প্ৰাগজ্যোতিষপুৰ আৰক্ষী আৰু পানীখাইতি আৰক্ষীৰ যুটীয়া অভিযানত শনিবাৰে পুৱতি নিশা বোন্দাৰ চপাইডাঙস্থিত নিজ বাসগৃহৰ পৰা অভিমন্যু দাসক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত অনুষ্ঠিত সংবাদ মেলত মধ্য গুৱাহাটীৰ আৰক্ষী উপ-আয়ুক্ত সম্ভাৱী মিশ্ৰাই সমগ্ৰ ঘটনাৰ বিষয়ে সবিশেষ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, অভিমন্যু দাসৰ বিৰুদ্ধে পূৰ্বেও একাধিক গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ গোচৰত তেওঁ অন্যতম অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ হৈছিল। তদুপৰি, ধাবাত সুৰা বিচাৰি শূন্যলৈ গুলীচালনা কৰাৰ ঘটনাতো তেওঁ পূৰ্বে আৰক্ষীৰ হাতত ধৰা পৰিছিল।

এইবাৰৰ গোচৰৰ সূত্ৰপাত হয় অভিমন্যু দাসৰ ব্যৱসায়িক সহযোগী বিশাল সোণোৱালৰ এজাহাৰৰ ভিত্তিত। অভিযোগ অনুসৰি, ব্যৱসায়ত লোকচান হোৱাৰ পিছত বিনিয়োগ কৰা ধন ঘূৰাই বিচৰাত ২৮ জুনত অভিমন্যু দাসে বিশাল সোণোৱালক নিজৰ ঘৰলৈ মাতি ধমকি দিয়ে। অভিযোগকাৰীৰ দাবী অনুসৰি, ধমকি দিয়াৰ সময়ত অভিমন্যুৱে নিজৰ হাতত থকা পিষ্টলৰ পৰা বিশাল সোণোৱালৰ ভৰিৰ ওচৰত গুলীচালনা কৰে। ইয়াৰ উপৰিও, বিশাল সোণোৱালৰ বেলেন’ বাহনখন নিজৰ জিম্মাত ৰাখি ৫.৫ লাখ টকা দাবী কৰাৰ অভিযোগো উত্থাপিত হৈছে।

ঘটনা সন্দৰ্ভত বিশাল সোণোৱালে ২ জুলাই পানীখাইতি আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত ৮২/২০২৬ নম্বৰত গোচৰ ৰুজু কৰা হয়। তদন্তৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই শনিবাৰে পুৱতি নিশা অভিমন্যু দাসক গ্ৰেপ্তাৰ কৰে।

অভিযানৰ সময়ত অভিমন্যুৰ বাসগৃহৰ পৰা এটা পিষ্টল, তিনিটা মেগজিন, তিনিটা ৰাইফল, ৩৬০ জাঁই সক্ৰিয় গুলী, ৮০টা খালী কাৰ্টিজ, তিনিটা মোবাইল ফোন আৰু পঞ্জাৱত পঞ্জীয়নভুক্ত এখন বিলাসী বাহন জব্দ কৰা হয়। লগতে অভিযোগকাৰী বিশাল সোণোৱালৰ বেলেন’ বাহনখন সৰুসজাই এলেকাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

আৰক্ষী উপ-আয়ুক্ত সম্ভাৱী মিশ্ৰাই জানিবলৈ দিয়ে যে, অভিমন্যু দাসৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ কেইবাখনো আৰক্ষী থানাত মুঠ চাৰিটা গোচৰ ৰুজু হৈ আছে। বৰ্তমান গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top