Love Affair । গোৱালপাৰা জিলাত এগৰাকী বিবাহিত মহিলাৰ নিখোঁজক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। অভিযোগ অনুসৰি, মুছলমান সম্প্ৰদায়ৰ দুই সন্তানৰ মাতৃ এগৰাকীক এজন হিন্দু যুৱকে সৈতে লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে।
জানিব পৰা মতে, মহিলাগৰাকী এটা সন্তানক লগত লৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত উভতি অহা নাই। এই ঘটনাৰ পিছতে মহিলাগৰাকীৰ স্বামীয়ে ধূপধৰা থানাত এখন এজাহাৰ দাখিল কৰি ঘটনাটোৰ তদন্তৰ দাবী জনাইছে।
অভিযোগকাৰীৰ মতে, সংশ্লিষ্ট হিন্দু যুৱকজন মহিলাগৰাকীক ফুচুলাই বা প্ৰলোভন দেখুৱাই লগত লৈ গৈছে। আনহাতে, ঘটনাটোক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলিলেও আৰক্ষীয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই।
ধূপধৰা আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। নিখোঁজ মহিলাগৰাকী আৰু তেওঁৰ লগত থকা সন্তানৰ সন্ধান উলিওৱাৰ বাবে আৰক্ষীয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।
উল্লেখ্য যে, এই ঘটনাৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতি আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট হ’ব।
