First Step Pre School মহানগৰীৰ আজাৰাস্থিত ফাৰ্ষ্ট ষ্টেপ প্ৰি স্কুলত স্বত্বাধিকাৰী দম্পতীৰ পাৰিবাৰিক বিবাদে এতিয়া প্ৰভাৱ পেলাইছে বিদ্যালয়খনৰ শিক্ষাৰ পৰিৱেশত। স্বামী-স্ত্ৰীৰ মাজৰ এই সংঘাতৰ ফলত সমস্যাৰ সন্মুখীন হৈছে বিদ্যালয়খনত অধ্যয়ন কৰা প্ৰায় ৯৬ গৰাকী কণ-কণ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকল।
অভিযোগ অনুসৰি, বিদ্যালয়খনৰ স্বত্বাধিকাৰী দম্পতীৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা মতানৈক্যই মঙলবাৰে তীব্ৰ ৰূপ ধাৰণ কৰে। ইয়াৰ ফলত বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু শিক্ষাৰ স্বাভাৱিক পৰিৱেশ বিঘ্নিত হয়।
এই ঘটনাই অভিভাৱকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। বহু অভিভাৱকে অভিযোগ কৰে যে ব্যক্তিগত বিবাদৰ বলি হ’ব নালাগে বিদ্যালয়খনত অধ্যয়ন কৰা নিষ্পাপ শিশুসকল। তেওঁলোকে অতি সোনকালে বিষয়টোৰ সমাধান কৰি বিদ্যালয়খনত স্বাভাৱিক শিক্ষাৰ পৰিৱেশ ঘূৰাই অনাৰ দাবী জনাইছে।
অভিভাৱকসকলৰ মতে, বিদ্যালয়খনত অধ্যয়ন কৰা শিশুসকলৰ মানসিক বিকাশ আৰু শিক্ষাজীৱনৰ ওপৰত এনে পৰিস্থিতিয়ে নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সেয়েহে সংশ্লিষ্ট পক্ষই দায়িত্বশীলভাৱে বিষয়টো সমাধান কৰি শিক্ষাৰ্থীসকলৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগে।
বৰ্তমান ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চৰ্চা চলিছে। প্ৰয়োজন হ’লে শিক্ষা বিভাগ বা সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টোত হস্তক্ষেপ কৰি বিদ্যালয়খনৰ স্বাভাৱিক পৰিস্থিতি পুনৰ ঘূৰাই অনাৰ দাবীও উত্থাপিত হৈছে।
উল্লেখ্য যে, এই ঘটনাৰ ফলত বিদ্যালয়খনৰ ৯৬ গৰাকী শিক্ষাৰ্থীৰ দৈনন্দিন পাঠদান আৰু শিক্ষামূলক কাৰ্যসূচী অনিশ্চয়তাৰ সন্মুখীন হৈছে।
