Morigaon । মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কনিষ্ঠ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰৰ দল এটাই প্ৰহাৰ কৰাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি, বিদ্যালয়খনৰ বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ শ্বৰিফুল ইছলামক এক ভিডিঅ’ ৰেকৰ্ডিংক কেন্দ্ৰ কৰি মাছুদৰ নেতৃত্বত তিনিজনীয়া জ্যেষ্ঠ ছাত্ৰৰ এটা দলে আক্ৰমণ কৰে। বিদ্যালয় চৌহদৰ ভিতৰত সংঘটিত এই ঘটনাৰ পিছত বিদ্যালয় কৰ্তৃপক্ষই হস্তক্ষেপ কৰি দুয়োপক্ষৰ মাজত আপোচ-মীমাংসাৰ ব্যৱস্থা কৰে।
কিন্তু অভিযোগ অনুসৰি, বিষয়টো তাতেই সমাপ্ত নোহোৱাকৈ বিদ্যালয়ৰ চৌহদৰ বাহিৰত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মাছুদৰ পৰিয়ালৰ সদস্যসকলে শ্বৰিফুল ইছলামক পুনৰ আক্ৰমণ কৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে।
এই আক্ৰমণত শ্বৰিফুল ইছলাম গুৰুতৰভাৱে আহত হয় আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

ঘটনাৰ সন্দৰ্ভত শ্বৰিফুলৰ পৰিয়ালে মৈৰাবাৰী থানাত এখন লিখিত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘটিত এই ঘটনাই অভিভাৱক আৰু স্থানীয় ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে একাংশ লোকে।
