খাৰুপেটীয়াত কলেজীয়া ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ, জনৰোষত এজন ব্যক্তি ।

খাৰুপেটীয়াত কলেজীয়া ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ, জনৰোষত এজন ব্যক্তি ।

খাৰুপেটীয়াত এগৰাকী কলেজীয়া ছাত্ৰীৰ সৈতে অশালীন আচৰণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিজকে CRPFৰ জোৱান বুলি পৰিচয় দিয়া এজন ব্যক্তিক স্থানীয় ৰাইজে আটক কৰি আৰক্ষীৰ হাতত চমজাই দিয়াৰ ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি, মঙলদৈৰ পৰা খাৰুপেটীয়া অভিমুখে আহি থকা এখন যাত্ৰীবাহী অটোৰিক্সাত ধুলাৰ টাংনী চাৰিআলিৰ পৰা অভিযুক্ত ব্যক্তি আৰু খাৰুপেটীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী একেলগে উঠিছিল। যাত্ৰাপথত অভিযুক্ত ব্যক্তিজনে ছাত্ৰীগৰাকীৰ সৈতে অশালীন আচৰণ কৰাৰ লগতে বাৰে বাৰে শাৰীৰিকভাৱে স্পৰ্শ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ছাত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে, অভিযুক্ত ব্যক্তিজনে তাইক বেয়া ইংগিত দিয়াৰ লগতে টকা আগবঢ়াই বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ চেষ্টা কৰিছিল। ঘটনাটোৰ পিছতে ছাত্ৰীগৰাকীয়ে বিষয়টো জনোৱাৰ লগে লগে স্থানীয় লোকসকল উত্তেজিত হৈ পৰে।

প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত ব্যক্তিজনৰ নাম জিতেন্দ্ৰ কুমাৰ (৫০) বুলি জানিব পৰা গৈছে। তেওঁ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ বাসিন্দা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। উত্তপ্ত পৰিস্থিতিৰ মাজত তেওঁ জনসাধাৰণৰ ওচৰত ক্ষমা বিচৰা বুলিও জানিব পৰা গৈছে।

ঘটনাৰ খবৰ পাই ধুলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত ব্যক্তিজনক উদ্ধাৰ কৰি থানালৈ লৈ যায়। বৰ্তমান তেওঁ ধুলা আৰক্ষী থানাত আটকাধীন অৱস্থাত আছে।

ইফালে, ঘটনাটোৰ পিছতে খাৰুপেটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাটোৰ নিৰপেক্ষ তদন্ত আৰু দোষী সাব্যস্ত হ’লে কঠোৰ শাস্তিৰ দাবী জনাইছে।

উল্লেখ্য যে, অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব। ঘটনাটোৰ অধিক তথ্য উদ্ঘাটনৰ বাবে ধুলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top