Guwahati Crime News । দ্বিতীয় বিবাহক কেন্দ্ৰ কৰি মহানগৰীৰ গুণা এপাৰ্টমেণ্টত উত্তেজনা
অধিকাৰ বিচাৰি অহা পত্নী-কন্যাক আক্ৰমণৰ অভিযোগ, বিষয়া চাহিল ৰফিকক লৈ তীব্ৰ বিতৰ্ক
মহানগৰীৰ লখিমী নগৰস্থিত গুণা এপাৰ্টমেণ্টত শনিবাৰে এক পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। অধিকাৰ বিচাৰি এপাৰ্টমেণ্টত উপস্থিত হোৱা পত্নী আৰু কন্যাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে বৈদেশিক পৰিক্ৰমা বিভাগৰ বিষয়া চাহিল ৰফিকৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি, দ্বিতীয় বিবাহক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি চলি অহা পাৰিবাৰিক সংঘাতৰ মাজতে পত্নী আৰু কন্যাই চাহিল ৰফিকৰ বাসগৃহত উপস্থিত হৈ নিজৰ অধিকাৰ বিচাৰে। সেই সময়তে দুয়োগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰা হয় বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ সদস্যসকলে।
ঘটনাস্থলীত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে পত্নী আৰু কন্যাই চাহিল ৰফিকৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকৰ দাবী অনুসৰি, চাহিল ৰফিকে জীয়ৰীৰ সমবয়সীয়া এগৰাকী যুৱতীক দ্বিতীয় বিবাহ কৰিছে। লগতে বিদেশৰ একাধিক মহিলাৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগো উত্থাপন কৰা হৈছে।
আনহাতে, এই অভিযোগসমূহ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে চাহিল ৰফিকে। তেওঁ অভিযোগসমূহ ভিত্তিহীন বুলি দাবী কৰাৰ লগতে ঘটনাটোক ব্যক্তিগত পাৰিবাৰিক বিষয় বুলি অভিহিত কৰে। ইয়াৰ ফলত ঘটনাস্থলীত অভিযোগ-প্ৰতি অভিযোগৰ পৰিৱেশ সৃষ্টি হয়।
ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকসকলৰ মাজতো চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হৈছে নে নাই, সেই বিষয়ে এতিয়ালৈকে স্পষ্ট তথ্য লাভ হোৱা নাই।
উল্লেখ্য যে, চাহিল ৰফিকৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অভিযোগকাৰী পক্ষৰ দাবীৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা হৈছে। এই অভিযোগসমূহৰ সত্যতা এতিয়াও কোনো তদন্তকাৰী সংস্থা বা আদালতে নিশ্চিত কৰা নাই।
