গুৱাহাটী মহানগৰৰ ৰাজপথত পুনৰ এক কৰুণ দুৰ্ঘটনাই জোকাৰি তুলিছে সাধাৰণ জনতাক। পথ সুৰক্ষাক লৈ উত্থাপিত হৈছে গুৰুতৰ প্ৰশ্ন—“কোনে ল’ব পৰিস্মিতাৰ মৃত্যুৰ দায়িত্ব?”
প্ৰাপ্ত তথ্য অনুসৰি, পাণ্ডু মহাবিদ্যালয়ত Indira Gandhi National Open University-ৰ অধীনত স্নাতকোত্তৰ পাঠ গ্ৰহণ কৰি থকা ছাত্ৰী পৰিস্মিতা হাজৰিকাৰ এক দুখজনক মৃত্যু হয়। পৰীক্ষা দিবলৈ গৈ থকা অৱস্থাত স্কুটীৰে বন্ধুৰ সৈতে যাত্ৰা কৰি থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, পৰিস্মিতা হাজৰিকা বন্ধু জ্যোতিৰ্ময় মহনৰ সৈতে স্কুটীৰে গৈ থকা সময়তে পথৰ কাষত থকা এজোপা অৰ্ধ-মৃত গছ আচমকা গাৰ ওপৰত বাগৰি পৰে। ফলত ঘটনাস্থলীতেই গুৰুতৰ আঘাতপ্ৰাপ্ত হয় পৰিস্মিতা আৰু পাছত তেওঁৰ মৃত্যু ঘটে।
এই ঘটনাই মহানগৰত পথ সুৰক্ষা আৰু নাগৰিক সুৰক্ষাৰ ব্যৱস্থাক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন কৰিছে। সাধাৰণ ৰাইজে অভিযোগ উত্থাপন কৰিছে যে, বহুদিন ধৰি বিপদজনক অৱস্থাত থকা এই গছজোপা প্ৰশাসনৰ চকুত নপৰে নে? সময়ে সময়ে গছ কটা কৰাৰ নামত ব্যৱস্থা লোৱা হয় যদিও এনে বিপদজনক গছবোৰ কিয় অচিনাক্ত হৈ থাকে?

এই ঘটনাৰ পাছতে সামাজিক মাধ্যমত ক্ষোভৰ জোৱাৰ দেখা গৈছে। নাগৰিকসকলে প্ৰশ্ন উত্থাপন কৰিছে—যদি সময়মতে এই ‘অৰ্ধ-মৃত’ গছজোপা আঁতৰোৱা হ’লহেঁতেন, তেন্তে হয়তো এজন নিৰ্দোষী ছাত্ৰীৰ জীৱন ৰক্ষা পৰিলে হয় ।

বৰ্তমানে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। ইফালে, পৰিস্মিতা হাজৰিকাৰ মৃত্যুত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱ আৰু সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ নামি আহিছে।
