গুৱাহাটীৰ মঠঘৰীয়া অঞ্চলত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত নিহত হোৱা তিনিজনী যুৱতীৰ মৃত্যুক লৈ থকা ৰহস্য অৱশেষত উন্মোচিত হৈছে। আৰক্ষীৰ হাতত আহি পৰিছে প’ষ্টমৰ্টেম ৰিপ’ৰ্ট, য’ত মৃত্যুৰ কাৰণ স্পষ্টকৈ উল্লেখ কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২৫ এপ্ৰিলৰ পুৱতি নিশা প্ৰায় ৪ বজাত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। প’ষ্টমৰ্টেম ৰিপ’ৰ্টত উল্লেখ কৰা অনুসাৰে, তিনিওগৰাকী যুৱতীৰ মৃত্যু পথ দুৰ্ঘটনাৰ ফলতেই সংঘটিত হৈছিল।
এই ভয়াবহ দুৰ্ঘটনাত প্রাণ হেৰুওৱা তিনিগৰাকী যুৱতী হৈছে— শিৱসাগৰ সোণাৰিৰ আকাংক্ষা শইকীয়া, গোৱালপাৰা কৃষ্ণাইৰ পূজা সাহা আৰু বঙাইগাঁও জিলাৰ নোৱাপাৰাৰ আৰমিনা আহমেদ।
আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত চালক ছামিম আহমেদক গ্ৰেপ্তাৰ কৰিছিল যদিও পিছত তেওঁ জামিনত মুক্তি লাভ কৰিছে।
নুনমাটি আৰক্ষীয়ে নিহত তিনি যুৱতীৰ পৰিয়ালৰ লোকক গতাই দিলে পোষ্টমৰ্টেম ৰিপোৰ্ট । চালক ছামিম আহমেদে পূৰ্বপৰিকল্পিতভাৱে দুৰ্ঘটনা সংঘটিত কৰা বুলি প্ৰকাশ
আৰক্ষীয়ে মৃতকসকলৰ পৰিয়ালক প’ষ্টমৰ্টেম ৰিপ’ৰ্ট সমৰ্পণ কৰিছে আৰু ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পেলোৱাৰ লগতে পথ সুৰক্ষাক লৈ পুনৰ চিন্তা-চৰ্চাৰ প্ৰয়োজনীয়তা উত্থাপন কৰিছে।
