মৈৰাবাৰীৰ লেংৰিবৰীত পথক কেন্দ্ৰ কৰি সংঘৰ্ষ, কেইবাজনো আহত । Morigaon News

মৈৰাবাৰীৰ লেংৰিবৰীত পথক কেন্দ্ৰ কৰি সংঘৰ্ষ, কেইবাজনো আহত । Morigaon News

Morigaon News । মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ অন্তৰ্গত লেংৰিবৰী গাঁৱত এটি পথক কেন্দ্ৰ কৰি সংঘটিত সংঘৰ্ষই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাত মহিলা সহ কেইবাজনো লোক আহত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, লেংৰিবৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী মফিদুল ইছলামৰ নেতৃত্বত ১০-১২ জনীয়া এটা দলৰ সৈতে সংঘটিত সংঘৰ্ষত নুৰ মিয়া, আৰজুৱাৰা বেগম আদি কেইবাজনো লোক আহত হয়।

আহত নুৰ মিয়াৰ অৱস্থা গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁওলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ঘটনাটোক কেন্দ্ৰ কৰি ভুক্তভোগী পক্ষই মফিদুল ইছলামৰ লগতে ৰেকিব, মাজাহাৰুল, ফাৰুক, ছাদিক আদি কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

পুলিচে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু সম্পূৰ্ণ তথ্য পোহৰলৈ আহিবলৈ অপেক্ষা কৰা হৈছে। স্থানীয় লোকসকলে ঘটনাটোৰ নিৰপেক্ষ তদন্ত আৰু দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top