গুৱাহাটীৰ মহানগৰীৰ ধাৰাপুৰ অঞ্চলত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত এজন যুৱকক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

অভিযোগ অনুসৰি, কোম্পানীটোৰ কৰ্মচাৰী নিৰ্বাণ কলিতা নামৰ যুৱকজন কোম্পানীৰ ভিতৰত চলি থকা কথিত দুৰ্নীতি আৰু অনিয়মৰ বিষয়ত মাত মাতি অহাৰ বাবেই আক্ৰমণৰ বলি হ’বলগীয়া হয়। ভুক্তভোগীৰ অভিযোগ অনুসৰি, কোম্পানীৰ মেনেজাৰ মুস্তাক আহমেদৰ বিৰুদ্ধে এগৰাকী মহিলা সহকৰ্মীৰ সৈতে অশালীন আচৰণৰ অভিযোগ আছিল। সেই ঘটনাৰ প্ৰমাণ সংগ্ৰহ কৰিবলৈ ভিডিঅ’ ধারণ কৰাৰ চেষ্টা কৰোতেই মেনেজাৰৰ ক্ষোভৰ সন্মুখীন হয় নিৰ্বাণ।

ইয়াৰ পিছতে ব্লেকমেইলিঙৰ অভিযোগ উত্থাপন কৰি ১০-১২ জন লোকৰ এটা দলে নিৰ্বাণ কলিতাক দলবদ্ধভাৱে আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই।
আনহাতে, ঘটনা সন্দৰ্ভত গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি জাকিৰ হুছেইনৰ সহায় বিচৰাত সহায় কৰাৰ পৰিবৰ্তে তেওঁও নিৰ্বাণক প্ৰাণে মৰাৰ চেষ্টা কৰে বুলি অভিযোগ কৰে ভুক্তভোগীয়ে।
পিছত স্থানীয় ৰাইজে আহত যুৱকজনক উদ্ধাৰ কৰি আজাৰা আৰক্ষী থানালৈ লৈ যায়। আৰক্ষীয়ে ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে নিৰ্বাণ কলিতাক।
ঘটনাৰ পিছতে ভুক্তভোগীৰ পৰিয়ালে আজাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৭ জনকৈ অভিযুক্তক আটক কৰা বুলি জানিব পৰা গৈছে।
পুলিচে ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে।
