বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি, ঘৰুৱা গেছৰ দাম বৃদ্ধি । Commercial LPG

বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি, ঘৰুৱা গেছৰ দাম বৃদ্ধি । Commercial LPG

Commercial LPG । দেশজুৰি পুনৰ বৃদ্ধি পালে বাণিজ্যিক এলপিজি (LPG) চিলিণ্ডাৰৰ মূল্য। যদিও এই মূল্যবৃদ্ধিৰ মাজতো ঘৰুৱা ৰন্ধন গেছৰ দামত এতিয়ালৈকে কোনো ধৰণৰ পৰিৱৰ্তন কৰা হোৱা নাই। সাধাৰণতে প্ৰতিমাহৰ প্ৰথম দিনাই গেছৰ নতুন মূল্য ঘোষণা কৰা হয়।

তেল বিপণন কোম্পানীসমূহে পেট্ৰ’ল, ডিজেল আৰু চিএনজি (CNG)-ৰ পাছত এতিয়া এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে। দেশৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰত প্ৰতিটো ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৪২ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে। আনহাতে ৫ কিলোগ্ৰাম ওজনৰ ফ্ৰী ট্ৰেড এলপিজি (FTL) চিলিণ্ডাৰৰ মূল্য ১১ টকা বৃদ্ধি কৰা হৈছে।

বৰ্তমান দিল্লীত ৫ কিলোগ্ৰাম চিলিণ্ডাৰৰ মূল্য ৮২১.৫০ টকা হৈছে, আৰু ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাই ৩,১১৩.৫০ টকাত উপনীত হৈছে। কলকাতাত এই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩,২৫৫.৫০ টকা হৈছে।

এই মূল্যবৃদ্ধিৰ ফলত হোটেল, ধাবা, ৰেষ্টুৰেণ্ট, বিবাহ অনুষ্ঠান আৰু কেটাৰিং সেৱাৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিব। বৃদ্ধি পোৱা ব্যয়ৰ বোজা গ্ৰাহকৰ ওপৰত পৰিব পাৰে বুলি আশংকা কৰা হৈছে, যাৰ ফলত খাদ্য সামগ্ৰীৰ মূল্যো বৃদ্ধি পাব পাৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ১ মে’ত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য একেলগে ৯৯৩ টকা বৃদ্ধি কৰা হৈছিল। তেতিয়া দিল্লীত ইয়াৰ মূল্য ২,০৭৮.৫০ টকাৰ পৰা বৃদ্ধি পাই ৩,০৭১.৫০ টকাত উপনীত হৈছিল। সেই সময়তে ৫ কিলোগ্ৰাম চিলিণ্ডাৰৰ মূল্যও ২৬১ টকা বৃদ্ধি কৰা হৈছিল।

ইফালে, জুন মাহ আৰম্ভ হোৱাৰ লগে লগে দেশত কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কাৰ্যকৰী হৈছে। ১ জুনৰ পৰা এলপিজি চিলিণ্ডাৰৰ মূল্যৰ উপৰি গাড়ীৰ দাম, ইউপিআই (UPI) পেমেণ্ট, এটিএম লেনদেন মাচুল, ছ’লাৰ পেনেল সম্পৰ্কীয় নিয়ম আৰু পেন কাৰ্ডৰ নিয়মত একাধিক পৰিৱৰ্তন কাৰ্যকৰী হৈছে।

সাধাৰণ জনতাৰ দৈনন্দিন জীৱন আৰু পকেটত এই পৰিৱৰ্তনসমূহৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব বুলি অনুমান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top