অভিনেত্ৰী পাপৰি বৰাৰ অভিযোগক লৈ ৰাজধানী থিয়েটাৰৰ স্পষ্টীকৰণ, বিত্তীয় লেন-দেনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

অভিনেত্ৰী পাপৰি বৰাৰ অভিযোগক লৈ ৰাজধানী থিয়েটাৰৰ স্পষ্টীকৰণ, বিত্তীয় লেন-দেনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জগতত পুনৰ এক বিতৰ্কৰ সৃষ্টি হৈছে অভিনেত্ৰী Papori Bora আৰু Rajdhani Theatre-ৰ মাজত। সামাজিক মাধ্যমত উত্থাপিত অভিযোগৰ প্ৰতি সঁহাৰি জনাই ৰাজধানী থিয়েটাৰৰ প্ৰযোজিকা মল্লিকা ৰয়ে এক দীঘলীয়া বিবৃতি প্ৰকাশ কৰে।

বিবৃতিত প্ৰযোজিকাই কয় যে, শিল্পী আৰু প্ৰযোজকৰ মাজৰ আৰ্থিক লেন-দেন সাধাৰণতে ব্যক্তিগত বিষয়, কিন্তু অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত কৰা মন্তব্যৰ বাবে তেওঁলোকক বাধ্য হৈ কিছু নথি-পত্ৰ ৰাজহুৱা কৰিবলগীয়া হৈছে। তেওঁলোকে দাবী কৰে যে, পাপৰি বৰাক চুক্তি অনুসৰি ১২ লাখ টকাৰ বিনিময়ত থিয়েটাৰত নিযুক্তি দিয়া হৈছিল আৰু আগধন হিচাপে ২.২০ লাখ টকা আগতেই প্ৰদান কৰা হৈছিল।

প্ৰযোজিকাৰ মতে, নাট্যযাত্ৰাৰ অন্তত পাপৰি বৰাৰ পাবলগীয়া আছিল ২.৫০ লাখ টকা, যাৰ বাবে ৫০ হাজাৰকৈ ৫খন চ্যেক প্ৰদান কৰা হৈছিল। ইতিমধ্যে কেইবাখন চ্যেকৰ ধন পৰিশোধ কৰা হৈছে আৰু বাকী চ্যেকসমূহো নিৰ্ধাৰিত তাৰিখত পৰিশোধ কৰা হ’ব বুলি তেওঁলোকে স্পষ্ট কৰে।

বিবৃতিত আৰু উল্লেখ কৰা হয় যে, এটা চ্যেক জমা কৰাৰ ক্ষেত্ৰত মাত্ৰ এক সপ্তাহ সময় পিছুৱাবলৈ অনুৰোধ কৰা হৈছিল, কিন্তু সেইটো মানি নল’বলৈ অভিনেত্ৰী আৰু তেওঁৰ স্বামীয়ে সামাজিক মাধ্যমত ভাবুকি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে বুলি অভিযোগ উত্থাপন কৰা হয়।

ইয়াৰ লগতে থিয়েটাৰ কৰ্তৃপক্ষই কয় যে, বছৰটোত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল—দুৰ্ঘটনা, বতৰৰ প্ৰভাৱ, আৰু নিৰ্বাচনৰ বাবে বহু প্ৰদৰ্শনী বাতিল কৰিবলগীয়া হৈছিল। তথাপি, প্ৰায় ৮০% মাননি পৰিশোধ কৰা হৈছে আৰু বাকী ধনো ধাপে ধাপে দিয়া হৈছে।

আনহাতে, প্ৰযোজিকাই অভিযোগ কৰে যে অভিনেত্ৰীগৰাকীয়ে নগদ ধনত সম্পূৰ্ণ পৰিশোধ বিচাৰিছিল আৰু পুনৰ চুক্তিবদ্ধ হ’বলৈ অনুৰোধ কৰিছিল, যিটো গ্ৰহণ কৰা হোৱা নাছিল। লগতে, অভিনেত্ৰীৰ স্বামীৰ হস্তক্ষেপে কৰ্মপদ্ধতিত অসুবিধা সৃষ্টি কৰা বুলি উল্লেখ কৰে।

শেষত, ৰাজধানী থিয়েটাৰে কয় যে তেওঁলোকে আইনী পথ অনুসৰণ কৰিবলৈ সাজু আছে আৰু শিল্পী-কলা-কুশলীৰ স্বাৰ্থ ৰক্ষা কৰি থিয়েটাৰখন চলাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিব। এই ঘটনাই ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগত পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে। অৱশ্য কোন সচাঁ কোন মিছা সময়ত গম পোৱা যাব ..।

সামাজিক মাধ্যমত লিখিলে এনেকৈ- অভিনেত্ৰী পাপৰি বৰাৰ অভিযোগ আৰু ৰাজধানী থিয়েটাৰৰ স্পষ্টীকৰণঃ

—————————-

শ্ৰদ্ধাৰ পাপৰি বৰা বাইদেউ! অতি সন্মান সহকাৰে আপোনাক জনাওঁ যে,শিল্পী আৰু প্ৰযোজকৰ মাজৰ বিত্তীয় লেন-দেনৰ বিষয়তো একান্ত ব্যক্তিগত বুলি বিবেচনা কৰা হয় আৰু সেয়েহে ইয়াক ৰাজহুৱা কৰাটো উচিত নহয় বাবে, কোনো শিল্পী বা প্ৰযোজকে সামাজিক মাধ্যমত ইয়াক ৰাজহুৱা নকৰে। আমাৰো তেনে কৰাৰ মানসিকতা নাই। কিন্তু, বিগত কিছুদিনত সামাজিক মাধ্যমত আপুনি আৰু আপোনাৰ স্বামীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে যিবোৰ মন্তব্য কৰি আছে, আপোনাৰ আৰু আমাৰ মাজত আপোনাৰ স্বাক্ষৰ সম্বলিত হিচাব-পত্ৰখনি আৰু বিদায় ক্ষণত, আপুনি অতি আনন্দেৰে হিচাব-পত্ৰখনি আৰু মাননিৰ চ্যেক লোৱাৰ সময়ৰ ফটোখনি সামাজিক মাধ্যমত আপলোড কৰিবলৈ বাধ্য হ’লো। নহ’লে, ৰাজধানী থিয়েটাৰে আপোনাৰ দিবলগীয়া টকা আত্মসাৎ কৰা বুলি ভুল বাৰ্তা এটা ৰাইজৰ মাজলৈ যাব – যিটো বদনাম আমি চকুমুদি গ্ৰহণ কৰাটো দুৰ্বলতাৰ পৰিচায়ক হ’ব। বাইদেউ, আগতে লেন-দেনৰ বিষয়ে আমাৰ ক’বলগীয়াখিনি কৈ লওঁ –

ধাৰাবাহিকত আপুনি ৰূপায়ণ কৰা “মণি বৌ” চৰিত্ৰটিৰ সৰলতাই মোক আকৰ্ষিত কৰিছিল আৰু কৌতুক অভিনেত্ৰী হিচাবে ৰাজধানী থিয়েটাৰত আপোনাক চুক্তি কৰাইছিলো, আপুনি বিচৰা মতেই ১২ লাখ টকাত। আগধন হিচাবে থিয়েটাৰলৈ অহাৰ পূৰ্বেই আপোনাক দিছিলো ২ লাখ ২০ হাজাৰ টকা। বছৰটোৰ নাট্যযাত্ৰাৰ শেষত হিচাপ-পত্ৰ খনিত উল্লেখ থকা ধৰণে আপুনি আমাৰ পৰা পাবলগীয়া আছিল – ২ লাখ ৫০ হেজাৰ টকা। সেইমৰ্মে, আপোনাৰ সন্মতিত ৫০ হাজাৰকৈ ভিন-ভিন তাৰিখত আপোনাক ৫ খন চ্যেক দিয়া হৈছিল বিহুৰ আগত। বিহুৰ পিছত, ২০ এপ্ৰিল তাৰিখৰ চ্যেকখন জমা কৰি ইতিমধ্যে আপুনি টকাটো একাউণ্টত লৈছে। দ্বিতীয় চেকখন আছিল ৩০ এপ্ৰিল তাৰিখৰ। যোৱা ১ মে তাৰিখত মোৰ একমাত্ৰ কন্যাক এখন আগশাৰীৰ ব’ৰ্ডিং স্কুলত নামভৰ্তি কৰোৱাৰ পৰিপ্ৰেক্ষিতত,আমি এক সপ্তাহ গুৱাহাটীৰ বাহিৰত থাকিবলগীয়া হোৱাত, আপোনাক ৩০ এপ্ৰিলৰ চেকখন এক-সপ্তাহ পিছত বেংকত জমা কৰিবলৈ অনুৰোধ কৰিছিলো। কথা সিমানেই – আপুনি এক সপ্তাহ অপেক্ষা নকৰিলে আৰু আপুনি আৰু আপোনাৰ স্বামীয়ে ফেচবুকত ভাবুকি দিবলৈ আৰম্ভ কৰিলে। পৰৱৰ্তী সময়ত, ৩০ এপ্ৰিল আৰু ১০ মে’ তাৰিখত দুয়োখন চেকৰ বাবেই আমি বেংকত ধন জমা কৰিছিলো আৰু ইতিমধ্যেই আপোনাৰ একাউণ্টত মুঠ ৩ খন চ্যেকৰ ধন জমা হৈ গৈছে। বাকী থকা চ্যেক দুখনৰ তাৰিখ অহা ১৮ আৰু ২০ মে। গতিকে, সেই তাৰিখলৈ সময় এতিয়াও বাকী। গতিকে, আপোনাৰ পাবলগীয়া ধন আপুনি পাই গৈছে সময়ে সময়ে আপুনি স্বাক্ষৰ কৰি হাঁহিমুখে গ্ৰহণ কৰা হিচাপ-পত্ৰখনি মতেই। মাত্ৰ, আমাৰ দোষ ইমানেই আছিল যে, মোৰ কন্যাৰ নামভৰ্তিৰ বাবে গুৱাহাটীৰ বাহিৰত ব্যস্ত থকাৰ পৰিপ্ৰেক্ষিতত, ২ নম্বৰ চ্যেকখন আপোনাক মাত্ৰ একসপ্তাহৰ বাবে জমা নকৰিবলৈ অনুৰোধ কৰিছিলো। বাইদেউ, আমাৰ অপৰাধ ইমানেই গুৰুতৰ আছিল নে? ইয়াকেই প্ৰযোজকে “শিল্পীৰ টকা মাৰি খোৱা” বুলি ক’ব পাৰিনে ? বিহুৰ আগত নাট্য যাত্ৰাৰ যৱনিকা পৰা থিয়েটাৰ খনে বিহুৰ পিছতেই ( ২০ এপ্ৰিল) আপোনাৰ বাকী টকাখিনি দিবলৈ আৰম্ভ কৰিছে – ইমানেই অপৰাধ হ’ল নে আমাৰ ? পুনৰ কৈছো- হিচাব-পত্ৰখনত Received বুলি লিখি কৰা চহীটো আপোনাৰেই বাইদেউ।

শ্ৰদ্ধাৰ পাপৰি বৰা বাইদেউ!

আপোনাক চুক্তিবদ্ধ কৰি ৰাজধানী থিয়েটাৰ কিমান লাভান্বিত হ’ল বা দৰ্শকে মঞ্চত আপোনাৰ অভিনয় চাই কিমান সন্তুষ্ট হ’ল,সেই হিচাব আমি কৰা নাই । কেৱল আক্ষেপ থাকিল – সমগ্ৰ নাট্যযাত্ৰাৰ কালচোৱাত আমি হেপাহেৰে আদৰি অনা পৰ্দাৰ “মণি বৌ”ৰ সৰলতাখিনি বাস্তৱত বিচাৰি পোৱা নাছিলো। আমাৰ বহুত ক’বলগীয়া আছিল, কিন্তু শিল্পীক লৈ বিতৰ্ক আমাৰ উদ্দেশ্য নহয়। অৱশ্যে, আপুনি আমাক বেয়া পোৱাৰ মুখ্য কাৰণ দুটা হ’ব পাৰে –

(১) আপুনি বছৰটোৰ সমস্ত টকা নগদ ( Cash)ত ল’ব বিচাৰিছিল, কিন্তু আমি আপোনাক কিছু টকা অনলাইন/চ্যেক যোগে দিয়াৰ প্ৰয়াস কৰিছিলো।

(২) আপুনি পুনৰ এটা বছৰৰ বাবে ৰাজধানী থিয়েটাৰত চুক্তিবদ্ধ হ’বলৈ মোক বাৰে বাৰে অনুৰোধ কৰিছিল – কিন্তু আপোনাৰ অনুৰোধ আমি ৰক্ষা নকৰিলো।

শ্ৰদ্ধাৰ পাপৰি বৰা বাইদেউ!

আপুনি জানে- আখৰাৰ মাজতেই নন্দিনী কাশ্যপৰ সেই অবাঞ্চিত দুৰ্ঘটনাটোৰ বাবে চুক্তি বাতিল কৰিবলগীয়া হ’ল। বেনাৰ-পোষ্টাৰ সকলো সলনি কৰি বহুত লোকচান ভৰিবলগীয়া হ’ল। তাৰপিছতেই আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিদায় বেলাত সকলো থিয়েটাৰৰ নাট্যযাত্ৰা প্ৰায় স্থবিৰ হৈ পৰিছিল। দুখনকৈ ট্ৰাক দুৰ্ঘটনা গ্ৰস্ত হৈ চকীবোৰ লগতে বহু বস্তু ভাঙিল। মাৰ্চ মাহৰ নেৰা-নেপেৰা বৰষুণ আৰু শেষলৈ আসন্ন নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কেবাটিও দৰ্শনী বাতিল কৰিবলগীয়া হৈছিল। তথাপি আমি হাৰ মনা নাই। সামগ্ৰিক পৰিস্থিতিলৈ চাই- সকলো শিল্পী, কলা-কুশলীয়ে No show no money চুক্তি অনুসৰিয়েই মানি লৈছিল আৰু আমি প্ৰায় ৮০ শতাংশ মাননি প্ৰদান কৰিবলৈ সক্ষম হ’লো। বাকী প্ৰায় ২০ শতাংশ ধন চ্যেক যোগে ভিন্নজনক পৰ্যায়ক্ৰমে প্ৰদান কৰি থকা হৈছে আৰু প্ৰায় ৯০ শতাংশ শিল্পী-কলা-কুশলীক ইতিমধ্যে সম্পূৰ্ণ ধন আদায় দিয়া হৈ গৈছে। বাইদেউ, বছৰটোত ইমান সংকটৰ পিছতো যেনেদৰেই নহওক, কেইটামান দিন পলমকৈ হ’লেও মাননি সমুহ পৰিশোধ কৰাৰ ক্ষেত্ৰত আমাৰ চেষ্টাত আপুনি অলপো সততাৰ গোন্ধ নাপালেনে ? যদি ২০ মেলৈ আপোনাক দিয়া চেকবোৰ বাউন্স হ’ল হেতেন, আপোনাক প্ৰতিশ্ৰুতি দিয়া মতে টকা নিদিলো হেতেন – আপুনি আইনী ব্যৱস্থাও ল’ব পাৰিলে হেতেন। অপেক্ষা নকৰি, আপুনি আৰু আপোনাৰ স্বামীয়ে সামাজিক মাধ্যমত ৰাজধানী থিয়েটাৰৰ সন্মান হানিত লাগি গ’ল । ধাৰাবাহিকৰ “ মণিবৌৰ সৰলতা আৰু সততা ” আপোনাৰ প’ষ্টবোৰত নেদেখিলো। ভাবুকিহে পালো। দিয়ক বাৰু ভাবুকি – কিন্তু আমাৰ অপৰাধ ইমান গুৰুতৰ আছিল নে? যদি আমি অপৰাধী – আইনৰ ওপৰত আপোনাৰ আস্থা আৰু বিশ্বাস অকণো নাছিল নে? আমাৰ কিন্তু আছে। আমি কিন্তু আইনৰ ৰাস্তাৰেই আগবাঢ়িম।

বাইদেউ, আপুনি কৈছে- ভ্ৰাম্যমানৰ কোনোবা উচ্চস্তৰৰ মানুহৰ লগতো আমি বেয়া কৰি থৈছো। বাইদেউ – ভ্ৰাম্যমানৰ লগত জড়িত ব্যক্তিসকলক উচ্চস্তৰ আৰু নিম্নস্তৰত অন্ততঃ ৰাজধানী থিয়েটাৰে ভাগ ভাগ নকৰে। আমাৰ বাবে নাট্যকাৰ, পৰিচালক, অভিনেতা, অভিনেত্ৰী, নৃত্য-শিল্পী, গায়ক, বাদ্যযন্ত্ৰী, পোহৰ-নিক্ষেপক, ৰান্ধনি, বনুৱা সকলোৰে স্তৰ এটাই – সকলোবোৰেই শিল্পী-কলা-কুশলী। সেইবাবে ৰাজধানী থিয়েটাৰত সকলোৰে বাবে এক পাকঘৰ-এক খানাৰ ব্যৱস্থা কৰা হৈছে। আমি সকলোকে সমান দৃষ্টিৰে চাও। আমি ব্যক্তি বিশেষে Special Treatment ৰ ব্যৱস্থা নকৰো। সেইটো যদি আমাৰ বেয়াগুণ – তেনেহ’লে উপায় নাই।

বাইদেউ, কোনোবা উচ্চস্তৰৰ লোকে যদি আপোনাক কিবা অভিযোগ দিছে, আমি মুকলিকৈ, মুখা-মুখিকৈ তেনে ব্যক্তিৰ লগত কথা পাতিবলৈ আগ্ৰহেৰে,সততাৰে সাজু থাকিলো। আমি যিদিনা অনুভৱ কৰিম যে থিয়েটাৰ চলাবলৈ আমাৰ সামৰ্থ নাই, সিদিনা নটৰাজক প্ৰণিপাত জনাই সামৰণি মাৰিম।কিন্তু, শিল্পী –কলা-কুশলীৰ পৰা পলাই নুফুৰু। মুখা-মুখি হৈয়েই, কথা-বতৰাৰ মাজেৰেই সমস্যাৰ সমাধান কৰিবলৈ সততাৰে চেষ্টা কৰি যাম। কিন্তু যিকোনো উদ্দেশ্য প্ৰণোদিত ভাবুকিত সেও নামানো।

শ্ৰদ্ধাৰ বাইদেউ! আপুনি হয়তো প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমানলৈ আহিছে বাবেই কিছুমান বিষয় উপলব্ধি কৰা নাই। ভ্ৰাম্যমান দল এটা চলাই নিওতে প্ৰযোজকে বিভিন্ন পৰিস্থিতিত কেতিয়াবা যথেষ্ট আৰ্থিক লোকচানৰ মুখা-মুখি হয়। কেৱল ৰাজধানীয়েই নহয়, বিভিন্ন সময়ত বিভিন্ন আগশাৰীৰ নাট্যদল আৰ্থিক লোকচানৰ মুখা-মুখি হৈ আহিছে। তথাপি, প্ৰযোজকে মাননি আদায় দিবলৈ আপ্ৰাণ চেষ্টা কৰে। আমিও চেষ্টা কৰিছো, দিছো । হয়তো দুই-এজনৰ ক্ষেত্ৰত কেইটামান দিন পলম হৈছে। তাক জঘন্য অপৰাধৰ দৰেই অভিহিত কৰি সন্মানহানি কৰাটো আপোনাৰ উচিত হৈছেনে? যি অপশব্দ আৰু ভাবুকিৰ সুৰেৰে আপুনি আৰু আপোনাৰ স্বামীয়ে ৰাজধানীৰ সন্মানহানিত উঠি-পৰি লাগিছে –তাৰ উদ্দেশ্য অন্য কিবাহে বুলি সন্দেহ উপজিছে।

শ্ৰদ্ধাৰ বাইদেউ! আপোনাৰ দৰে ময়ো এগৰাকী নাৰী। মোৰ স্বামীক লৈ আপোনাৰ স্বামীয়ে যি বিদ্ৰুপভৰা শব্দ ব্যৱহাৰ কৰি সামাজিক মাধ্যমত তাচ্ছিল্য কৰিছে, আপোনাৰ স্বামীকো যদি তেওৰ পত্নীক ( মানে আপোনাক) লৈ মই সেই একেই তাচ্চিল্য কৰো – আপুনি দুখ নাপাব জানো বাইদেউ?

শ্ৰদ্ধাৰ বাইদেউ! আৰু এটা কথা। আমি আপোনাকহে চুক্তি কৰিছিলো ৰাজধানী থিয়েটাৰত। কিন্তু গোটেই বছৰটোত আপোনাৰ স্বামীৰ অহেতুক হস্তক্ষেপত আমি প্ৰযোজক হিচাবে যথেষ্ট বিৰক্ত হৈছিলো। প্ৰায়েই আপোনালোক দুয়ো থকাৰ ব্যৱস্থাটোক লৈ আমি আহুকালৰ সন্মুখিন হৈছিলো। কেৱল, আপুনিয়েই নহয়, এই দুটা বছৰত বিবাহিত অভিনেতা-অভিনেত্ৰী,কলা-কুশলী কেবাগৰাকীও ৰাজধানীৰ মজিয়াত লগ পালো। কিন্তু কাৰোৱেই স্বামী বা পত্নীৰ অহেতুক বিৰক্তিদায়ক হস্তক্ষেপৰ অভিজ্ঞতা নহ’ল। দুটা বছৰত বহুত নামী-দামী অভিনেতা-অভিনেত্ৰীক ৰাজধানীৰ মজিয়াত লগ পালো – কিন্তু খোৱা,থকাক লৈ ইমান তিক্ত অভিজ্ঞতা কাৰো ক্ষেত্ৰতেই নহ’ল। অযথা হস্তক্ষেপ কৰি বিৰক্ত কৰা দুৰৰেই কথা, বহুতোৰে স্বামী বা পত্নীক ভদ্ৰ আলহীৰ ৰূপতেই পালো । আমি কৃতজ্ঞ। বাইদেউ,এশজনীয়া এটা পৰিয়াল। কিন্তু আপোনাৰ বাবে ত্ৰাহি মধূসূদন সুৱৰিলো। আমি অশা কৰিম, ভৱিষ্যতে যদি কোনোবা প্ৰযোজক আগবাঢ়ি আহে আপোনাক চুক্তিবদ্ধ কৰিবলৈ-আপুনি ভ্ৰাম্যমান থিয়েটাৰত থকা সুবিধাৰ সীমাবদ্ধতাখিনিক বুজিবলৈ চেষ্টা কৰিব। নহ’লে থিয়েটাৰখন অযথা বদনামৰ ভাগী হ’ব। প্ৰযোজকৰ মনোকষ্ট হ’ব। আপোনাৰ প্ৰতি আমাৰ শুভেচ্ছা থাকিল।

শ্ৰদ্ধাৰ পাপৰি বৰা বাইদেউ!

আপোনাক শেষত এটা কথা কৈ থও- থিয়েটাৰ এখন জন্ম দি প্ৰযোজক কিমান লাভান্বিত হয় সেইটো পিছৰ কথা, কিন্তু থিয়েটাৰ এখন প্ৰায় এশটা পৰিয়ালৰ ভাতঘৰ। আপুনি আৰু আপোনাৰ স্বামীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে বদনাম কৰি শিল্পী-কলা-কুশলী আৰু আহ্বায়ক সমিতি সমূহক ভুল পথে পৰিচালিত কৰি ৰাজধানী থিয়েটাৰৰ ক্ষতি কৰিবলৈ যি অপচেষ্টাত লিপ্ত হৈছে, সেই কাৰ্যই কিন্তু পৰোক্ষভাৱে শিল্পী-কলা-কুশলীসকলোকো ক্ষতি কৰিছে।

বাইদেউ, থিয়েটাৰ এখনক বদনামী কৰি থৈ যোৱাটো সহজ, কিন্তু এশটা পৰিয়ালৰ ভাতৰ দায়িত্ব লোৱাটো ইমান সহজ নহয়। আমি কিন্তু তাৰেই চেষ্টাত আছো। আমাৰ অনুৰোধ ৰাখি,এসপ্তাহ পিছত চ্যেকখন বেংকত জমা কৰিলে-

ভ্ৰাম্যমানক এনেকৈ অযথা বিতৰ্কৰ মাজলৈ টানি ননাকৈ, প্ৰযোজকক কটূ ভাষাৰে অপমান নকৰিলেও আপুনি তাৰিখ অনুযায়ী বাকী চ্যেকৰ টকা পালে হেতেন। কাৰণ, চ্যেক বাউঞ্চ কৰিব নালাগে বুলি সাধাৰণ জ্ঞানকণ আমাৰো আছে দিয়কচোন। আজি আপুনি পোষ্ট দিছে, যে আপুনি জমা দিয়া চ্যেকৰ ধন পাইছে। বাইদেউ,আমি টকা একাউণ্টত ৰাখিছো চ্যেকৰ তাৰিখ মতে, সেইবাবে পাইছে। আৰু বাকী দুখন চ্যেকৰ তাৰিখ আহিলে, আপুনি তেতিয়াও পাব। সেইতো আপোনাৰ ভাবুকিত সেও মানি, ফেচবুকত অপশব্দ ব্যৱহাৰ কৰি দিয়া সন্মানহানিকাৰক পোষ্টৰ ভয়তে টকা দিয়া নাই। আপুনি চহী কৰি, হাস্যমুখে লৈ যোৱা হিচাপ-পত্ৰ খনিত চাওক- আপোনাৰ চ্যেকত সেইদিনাই তাৰিখ উল্লেখ কৰি দিয়া হৈছিল – সেইমতেই দিছো। আকৌ এবাৰ কওঁ- হিচাব-পত্ৰখনত Received বুলি লিখি কৰা চহীটো আপোনাৰেই বাইদেউ।

শ্ৰদ্ধাৰ পাপৰি বৰা বাইদেউ!

আকৌ এবাৰ ক’লো- ভ্ৰাম্যমানক বিতৰ্কৰ মাজলৈ টানি অনাৰ মানসিকতা আমাৰ একেবাৰেই নাই। এই প্ৰৱণতা সামগ্ৰিকভাৱে থিয়েটাৰ উদ্যোগটোৰ বাবেই ক্ষতিকাৰক। আপোনাৰ স্বাক্ষৰ সম্বলিত এই হিচাপ-পত্ৰ, হিচাপ-পত্ৰ গ্ৰহণ কৰি মোৰ সৈতে তোলা আপোনাৰ সুখকৰ ফটোখন সামাজিক মাধ্যমত এইদৰে ৰাজহুৱা কৰি আমিও দুঃখিত। কিন্তু আমি বাধ্য হৈছো। বদনাম, অপবাদ এটা নিৰ্দিষ্ট সীমালৈহে সহন কৰিব পাৰি। আহ্বায়ক সমিতি, শিল্পী-কলা- কুশলীসকল আৰু দৰ্শকক প্ৰকৃত সত্যৰ সৈতে পৰিচয় কৰি দিয়াৰ দায়িত্ব প্ৰযোজক হিচাবে মোৰো আছে। বাইদেউ, আপোনাৰ কুশল-মংগল নটৰাজৰ চৰণত প্ৰাৰ্থনা কৰিলো – ঈশ্বৰে যাতে কোনো সুখৰ পৰাই আপোনাক বঞ্চিত নকৰে । ধন্যবাদ। ইতি-

মল্লিকা ৰয়, প্ৰযোজিকা,

ৰাজধানী থিয়েটাৰ

১২। ০৫। ২০২৬ ইং

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top