Zubeen Garg Death Case । জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত গুৰুতৰ অগ্ৰগতি, আজি দাখিল হ’ব চাৰ্জশ্বীট
SIT–এ সাজু কৰিছে চাৰিটা বাকচ প্ৰমাণ-নথিপত্ৰ

অসমবাসীক স্তম্ভিত কৰি যোৱা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ তদন্ত শেষ পৰ্যায়লৈ আগবাঢ়িছে। বিশেষ অনুসন্ধান দলে (SIT) ইতিমধ্যে চাৰিটা বাকচত সংগৃহীত সকলো প্ৰমাণ, নথিপত্ৰ, চিকিৎসা-ফৰেনছিক প্ৰতিবেদন আৰু সাক্ষ্যসমূহ সাজু কৰিছে, যি আজি পুৱাৰ ১০ নিৰ্ভাগৰ পৰা ১১ বজাৰ ভিতৰত আদালতত দাখিল হ’ব চাৰ্জশ্বীট ৰূপে।

চাৰ্জশ্বীটৰ পাতে-পাতে চাঞ্চল্যকৰ তথ্য
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠিত ন্যায়িক তদন্ত আয়োগে আজিৰ পৰা ৰাজহুৱা সাক্ষ্য গ্ৰহণৰ পৰ্ব সমাপ্ত কৰিব। আয়োগৰ দাখলত থাকিব—
- ঘটনাৰ লগত জড়িত সন্দেহত গ্ৰেপ্তাৰ নর্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত,
- জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা,
- তেওঁৰ আত্মীয় তথা অসম আৰক্ষীৰ ডিএছপি সন্দীপন গাৰ্গ,
- বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী,
- সহ-গায়িকা অমৃতপ্ৰভা মহন্ত,
- ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক।
এইসকলৰ ভূমিকা, চলাচল, ফোনৰ তথ্য, ফেষ্টিভেলৰ অন্তৰ্ভাগত সংঘটিত ঘটনাৰ মুদ্ৰাঙ্ক—সকলো বিশদে উল্লেখ তেওঁৰ চাৰ্জশ্বীটত অন্তর্ভুক্ত হ’ব।
৩০০গৰাকী সাক্ষীৰ বিবৃতি সংযুক্ত
তদন্তকাৰীদলে এই কেইমাহত ধৰি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গসহ প্ৰায় ৩০০গৰাকী লোকৰ সাক্ষ্য সংগ্রহ কৰিছে।
চাৰ্জশ্বীটত অন্তর্ভুক্ত—
- ফৰেনছিক প্ৰমাণ,
- ছিংগাপুৰ আৰক্ষী আৰু চিকিৎসা কৰ্তৃপক্ষৰ আংশিক প্রতিবেদন,
- অসমৰ চিকিৎসালয়ৰ পৰীক্ষা-প্ৰতিবেদন,
- ফেষ্টিভেলত উপস্থিত থকা আন কেইবাজনো লোকৰ চক্ষুসাক্ষ্য।
অসমজুৰি আলোড়ন সৃষ্টি কৰা এই ঘটনাৰ পূৰ্ণাংগ চাৰ্জশ্বীট দাখিল হোৱাৰ লগে লগে মামলাখনে নতুন দিশ পাব বুলি অনুমান কৰা হৈছে।
