Zubeen Garg Death Case: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত পৰিয়ালৰ ঘৰলৈ গৈ পৰিয়ালৰ সদস্যসকল — পত্নী গৰিমা শইকীয়া গাৰ্গ, পিতৃ কপিল ঠাকুৰ আৰু ভগ্নী পামি বৰঠাকুৰক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ দুখৰ সৈতে সমভাগী হ’বলৈ আহিবলৈ অহা বুলি উল্লেখ কৰে আৰু তদন্তৰ গতিবিধিৰ বিষয়ে গৰিমা গাৰ্গৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে।

সাক্ষাৎকাৰৰ পাছত সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটণাৰ তদন্ত, সাক্ষীৰ মন্তব্য আৰু ছিংগাপুৰৰ অসমীয়াসকলৰ ভুমিকা সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে তদন্তৰ সময়ত বিভিন্ন বেলিকা বহু ৰকম কথা–বতৰা ওলাই আহিব, কিন্তু পুলিচৰ কাগজীত কেৱল যি কথা সাক্ষীয়ে ক’লো, সেইটা লিখা থাকিব — আৰক্ষীৰ ৰিপোৰ্ট আৰু সাক্ষীৰ ব্যক্তিগত বক্তব্য পৃথক।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় “তদন্তৰ সময়ত বিভিন্ন কথা–বতৰা ওলাই থাকিব। শেখৰ গোস্বামীয়ে জুবিনক বিহ দিয়া বুলি কৈছে। এতিয়া ১০ তাৰিখে viscera নমুনাৰ পৰীক্ষাৰ ৰিপৰ্ট আহিব। ১১ তাৰিখে আমি গম পাই যাম আচলতে কি আছে কি নাই। কিন্তু পুলিচৰ দায়িত্ব হ’ল যিয়ে যি কয় কেছ ডায়েৰীত লিখিব লাগিব। কোনোবাই ভালকৈ ক’ব, কোনোবাই বেয়াকৈ ক’ব। কিন্তু সেইবিলাক পুলিচৰ কথা নহয়। সেইবিলাক এজন সাক্ষীয়েহে কোৱা কথা। সাক্ষীৰ ভাষ্যটো পুলিচৰ ভাষ্য নহয়। আজি যিটো বিহ দিয়া বুলি কথা ওলাইছে, এইটো পুলিচৰ ভাষ্য নহয়। এজন অভিযুক্তৰহে ভাষ্য। এতিয়া তেওঁ এই ভাষ্যটো কিয় দিছে, নিজক বচাবলৈ দিছে নেকি বা কাৰোবাক ব্লেম কৰিবলৈ দিছে নেকি—এই গোটেইবোৰ তদন্ততহে ওলাব।”

মুখ্যমন্ত্ৰীয়েই ছিংগাপুৰত থকা অসমীয়াসকলৰ বিষয়ে বিশেষ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে ছিংগাপুৰত থকা কিছুমান অসমীয়া সাক্ষীৰ উপস্থিতি তদন্ত সম্পূৰ্ণ কৰাৰ বাবে অত্যাৱশ্যক, আৰু সেইসকল লোক যদি অসমলৈ নাাহে তেন্তে তদন্তৰ একাংশ সম্পূৰ্ণ হ’ব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ভাষ্যত, “আমাৰ আটাইতকৈ বেছি চিন্তা হৈছে ছিংগাপুৰৰ অসমীয়াকেইজন তদন্তৰ বাবে অসমলৈ আহিবনে নাই? তেওঁলোক যদি নাহে, আমি তদন্তটো সম্পূৰ্ণ কৰিব নোৱাৰিম। তেওঁলোকেই জুবিনৰ য়ট যাত্ৰা বা গোটেই ঘটনাৰ মূল মানুহ আছিল।”
মুখ্যমন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ অসমীয়া সমাজকও আবেদন কৰে যে তেওঁলোকে তেওঁলোকক চাপ দিব যাতে সংশ্লিষ্ট ব্যক্তি সকলে অসমলৈ আহে। মুখ্যমন্ত্ৰী কয়, “ছিংগাপুৰৰ অসমীয়া সমাজখনেও তেওঁলোকক হেঁচা দিব লাগে, যাতে তেওঁলোক অসমলৈ আহে। মানুহৰ হেঁচা পালে সোনকালে আহিব। ”

অভিযুক্ত আৰু সাক্ষীৰ বক্তব্যৰ বেলিকা প্ৰাপ্তি, viscera নমুনাৰ পৰীক্ষাৰ ৰিপৰ্টৰ ফলাফল তথা অন্যান্য ফরেনচিক তথ্যসমূহ পোৱা হওক মানে তদন্তৰ আখৰত জোড়া লগাবলৈ বিভাগীয় ক্ৰমে আগবঢ়িব। মুখ্যমন্ত্ৰীয়ে লগতে জনসাধাৰণক অনুৰোধ কৰে যাতে তদন্তৰ ওপৰত অযথা মন্তব্য নকৰি আৰক্ষীক কামত সহযোগ কৰে আৰু যিসকলে যি তথ্য আগবঢ়ায় সেইবোৰ শুদ্ধকৈ পুলিচৰ নথিত অন্তর্ভুক্ত হয়।
তথ্যসূত: তদন্ত চলি আছে; অধ্যায়নসন্মত viscera নমুনাৰ পৰীক্ষাৰ ফলাফল আগন্তুক ৰিপৰ্টে প্ৰকাশ কৰাৰ পিছতেই তদন্তৰ পৰৱৰ্তী ধাপসমূহ স্পষ্ট হ’ব।
