Nepal Social Media Ban Gen-Z Protest । নেপালত প্ৰতিবাদ আন্দোলনে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দেশজুৰি অহপোহ সৃষ্টি কৰা এই আন্দোলনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ছেৰ বাহাদুৰক প্ৰতিবাদকাৰীয়ে লক্ষ্য কৰি আক্ৰমণ কৰিছে। তদুপৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নী আৰু বৰ্তমান বিত্তমন্ত্ৰীকো প্ৰতিবাদকাৰীয়ে খেদি খেদি প্ৰহাৰ কৰে বুলি স্থানীয় সূত্ৰই জনাইছে।

প্ৰতিবাদকাৰীয়ে দেশৰ শীৰ্ষ ন্যায়ালয়ৰ ভবনলৈ আক্রমণ কৰি অগ্নিসংযোগও ঘটাইছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা নামিবলগীয়া হোৱা নেপালত এতিয়া সেনাই আন্দোলনকাৰীৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ পদক্ষেপ লৈছে।

সূত্ৰ মতে, নেপালৰ সেনা প্রধান অশোক ৰাজে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰাৰ উদ্যোগ লৈছে। সেনা প্ৰধানই লগতে সকলো সাংসদ আৰু মন্ত্ৰীসকলক পদত্যাগ কৰিবলৈ আহ্বান জনাইছে, যাৰ ফলত নেপালৰ ৰাজনৈতিক পৰিস্থিতি অধিক অনিশ্চিত হৈ পৰিছে।

দেশখনত চলি থকা এই ভয়ংকৰ অস্থিৰতাৰ পৰিস্হিতি কোনফালে গড় ল’ব, তাৰ প্ৰতি এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।

