Fake ULFA । বকোত আলোড়ন সৃষ্টিকাৰী ঘটনা। আলফাৰ নামত ধন দাবী কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল কৃষ্ণাই চেলাপাৰাৰ শংকৰ ৰাভা।

সূত্রমতে, প্ৰথমতে ভূক্তভোগীৰ পৰা ১ লাখ টকা আদায় কৰাৰ পিছত পুনৰ আকৌ ১ লাখ টকা দাবী কৰিছিল শংকৰ ৰাভাই। উপায়বিহীন হৈ ভূক্তভোগীজনে বকো আৰক্ষীৰ ওচৰ চাপি সহায় বিচাৰিলে।
ভূক্তভোগীৰ অভিযোগৰ ভিত্তিত বকো আৰক্ষী থানাৰ অচি মুন্না পাচনী আৰু এচ আই পৰিমল চৰকাৰৰ নেতৃত্বত বিশেষ অভিযান চলি বকো কলেজৰ সমীপৰ শালনীবাৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চিনেমাৰ কায়দাৰে হাতে-লোতে আটক কৰে শংকৰ ৰাভাক।
ভূক্তভোগীয়ে জনোৱা মতে, ধৃত শংকৰ ৰাভাই নিজকে “আলফাৰ নয়ন অসম” বুলি পৰিচয় দিয়ে দীৰ্ঘদিন ধৰি ধন দাবী কৰি আহিছিল।
এই ঘটনা বকোত ব্যাপক চাঞ্চল্যৰ সৃষ্টিৰ লগতে আৰক্ষীয়ে আগলৈও গভীৰ তদন্ত আৰম্ভ কৰিছে।
