জি এম চি এইচত নবজাতকৰ মৃত্যু: কড়াকড়ি পদক্ষেপ প্রশাসনৰ । Assam suspends five GMCH staff, rusticates two PG trainees over NICU infant death

জি এম চি এইচত নবজাতকৰ মৃত্যু: কঠোৰ পদক্ষেপ প্রশাসনৰ, নিলম্বন কৰা হৈছে জ্যেষ্ঠ চিকিৎসক ডাঃ অনুপমা ডেকা আৰু ডাঃ দিপাংকৰ হাজৰিকাক । Assam suspends five GMCH staff, rusticates two PG trainees over NICU infant death

Assam suspends five GMCH staff, rusticates two PG trainees over NICU infant death । ১৮ আগষ্টত গুৱাহাটী মেডিকেল কলেজ তথা হাসপাতালত (জি এম চি এইচ) সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। NICU বিভাগত চিকিৎসাধীন অবস্থাত বিচনাৰ পৰা পৰি মৃত্যুবৰণ কৰে এটি নবজাতক। দুঃখজনক এই ঘটনাই সমগ্ৰ অসমৰ জনমতক আলোড়িত কৰিছিল।

ঘটনাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সক্ৰিয়ভাৱে হস্তক্ষেপ কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ আশ্বাস দিয়াৰ লগতে মৃত শিশুটিৰ পিতৃক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয়, চিকিৎসালয়ৰ সকলো আধুনিক সুবিধা উপস্থিত থাকিও গাফিলতি কৰ্মচাৰীহে দায়ী।

ইতিমধ্যে ঘটনাৰ তদন্তৰ ভিত্তিত কঠোৰ পদক্ষেপ লোৱা হৈছে।

  • নিলম্বন কৰা হৈছে জ্যেষ্ঠ চিকিৎসক ডাঃ অনুপমা ডেকা আৰু ডাঃ দিপাংকৰ হাজৰিকাক।
  • লগতে নাৰ্ছ ইনচাৰ্জ গোমতী দেৱী, ICU টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰ আৰু ষ্টাফ নাৰ্ছ চন্দনা নাথসহ মুঠ ৫ গৰাকী স্বাস্থ্যকৰ্মীক ৬ মাহৰ বাবে নিলম্বন কৰা হৈছে।
  • লগতে শিশু চিকিৎসা বিভাগৰ দুগৰাকী স্নাতকোত্তৰ প্রশিক্ষণাৰ্থী—ডাঃ হৃষিকেশ ঠাকুৰিয়া (দ্বিতীয় বৰ্ষ) আৰু ডাঃ পূজা (প্ৰথম বৰ্ষ)—ক শ্ৰীমন্ত শংকৰদেৱ বিজ্ঞান বিশ্ববিদ্যালয় (SSUHS) ৰ পৰা ৬ মাহৰ বাবে বৰ্খাস্ত কৰা হৈছে।

অভিযোগ অনুসৰি, নিলম্বিত চিকিৎসক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে ৰেকৰ্ড-সংক্রান্ত গাফিলতি, দায়িত্বত অবহেলা আৰু তদন্তক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা আদি গুৰুতৰ অভিযোগ উঠিছে।

উল্লেখযোগ্য যে, মৃত নবজাতকক জন্মৰ পাছতেই জণ্ডিছ ধৰা পৰি NICU ত ভৰ্তি কৰা হৈছিল। কিন্তু পৰৱৰ্তীতে বিচনাৰ পৰা পৰি মৃত্যুবৰণ কৰে শিশুটি, আৰু আহত হয় অন্য শিশু।

ঘটনাৰ পাছতে জি এম চি এইচৰ একাংশ কৰ্মীৰ বিৰুদ্ধে ৰোগীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কেইবাগৰাকীলৈ আটক কৰিছে। লগতে চিকিৎসালয়ৰ অধীক্ষকে তদন্ত কমিটী গঠন কৰি কাৰ্যপদ্ধতি আগবঢ়াইছে।

তদন্ত বৰ্তমানো চলি আছে আৰু পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top