Mohan Bhagwat । গুৱাহাটীস্থিত এক অনুষ্ঠানত ভাগৱতে ধৰ্মান্তকৰণ আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়ত মুখ খোলে।
আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ তাৎপৰ্যপূৰ্ণ মন্তব্য: ‘প্ৰতিটো পৰিয়ালত তিনিটা সন্তান বাঞ্চনীয়’
নাগপুৰত অনুষ্ঠিত আৰ এছ এছৰ শতাব্দী সমাৰোহত সংগঠনৰ প্ৰধান মোহন ভাগৱতে জনসংখ্যা নীতি, ধৰ্মান্তকৰণ আৰু অবৈধ অনুপ্ৰৱেশকাৰী সম্পৰ্কে একাধিক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
ভাগৱতে জনসংখ্যা নীতি সন্দৰ্ভত কৈছে—
“প্ৰতিটো পৰিয়ালত তিনিটা সন্তান থকাটো বাঞ্চনীয়। তিনিটাতকৈ কম সন্তান জন্ম দিয়াটো কেতিয়াও উচিত নহয়। কম সন্তান জন্মিলে এটা জাতি বিলুপ্তিৰ দিশে ঠেলি যোৱাৰ সম্ভাৱনা থাকে। বৰ্তমান হিন্দু সমাজত জন্মৰ হাৰ তীব্ৰভাৱে হ্ৰাস পাইছে। চিকিৎসকো তিনিটা সন্তানৰ জন্মকেই পোষণ কৰে।”
তেওঁ লগতে বিয়াৰ ক্ষেত্ৰত বিলম্ব নকৰিবলৈ আহ্বান জনায়।
ধৰ্মান্তকৰণ প্ৰসঙ্গে ভাগৱতে স্পষ্টভাৱে কয়—
“ধৰ্ম হৈছে ব্যক্তিগত পছন্দৰ বিষয়। ইয়াত কোনো ধৰণৰ লোভ বা হেঁচা থাকিব নালাগে।”
ইফালে, অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰশ্নত ভাগৱতে কয়—
“চৰকাৰে অনুপ্ৰৱেশকাৰীক লেকাম লগোৱাৰ চেষ্টা কৰিছে। কিন্তু কেৱল চৰকাৰে নহয়, সমাজেও ইয়াৰ দায়িত্ব লব লাগিব। আমি অবৈধ অনুপ্ৰৱেশকাৰীক কোনো সংস্থাপন দিব নালাগে। আমি আমাৰ নিজৰ মানুহক, আমাৰ নিজৰ মুছলমানসকলক সহায়-সমৰ্থন দিব লাগিব।”
মুঠতে, জনসংখ্যা বৃদ্ধি, ধৰ্মান্তকৰণ আৰু বিদেশী অনুপ্ৰৱেশকাৰী প্ৰশ্নত ভাগৱতৰ এই মন্তব্য বহুল চর্চিত হৈ উঠিছে

ভাগৱতে লগতে উল্লেখ কৰে, “আমাৰে নিজৰ মানুহক, নিজৰ মুছলমানসকলক সংস্থাপন আৰু সহায় দিব লাগে, কিন্তু বিদেশী অনুপ্ৰৱেশকাৰীক নহয়।”
